সুধাকণ্ঠৰ ত্ৰয়োদশ সংখ্যক মৃত্যুবাৰ্ষিকী উপলক্ষে বালিসত্রত বৰ্ণাঢ্য কাৰ্যসূচী...

সুধাকণ্ঠৰ ত্ৰয়োদশ সংখ্যক মৃত্যুবাৰ্ষিকী উপলক্ষে বালিসত্রত বৰ্ণাঢ্য কাৰ্যসূচী...

author-image
Asomiya Pratidin
New Update
সুধাকণ্ঠৰ ত্ৰয়োদশ সংখ্যক মৃত্যুবাৰ্ষিকী উপলক্ষে বালিসত্রত বৰ্ণাঢ্য কাৰ্যসূচী...

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ সুধাকণ্ঠ ভূপেন হাজৰিকাৰ আজি ত্ৰয়োদশ সংখ্যক মৃত্যুবাৰ্ষিকী উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বটদ্ৰৱাৰ সমীপবৰ্তী বালিসত্রত বৰ্ণাঢ্য কাৰ্যসূচীৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হয়। বালিসত্র উষা পুথিভঁৰাল প্ৰাংগনত অনুষ্ঠিত সুধাকণ্ঠৰ মৃত্যুবাৰ্ষিকীৰ কাৰ্যসূচীৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰে বটদ্ৰৱা শ্ৰী শ্ৰী শংকৰদেৱ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক দিলীপ কুমাৰ ভূঞাই।

Advertisment

ডুমডুমীয়া বালিসত্র উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক দিপ্তী কুমাৰ ভূঞাই আঁত ধৰা অনুষ্ঠানত সন্মানীয় অতিথি ৰূপে অংশ গ্ৰহণ কৰি সাদিন প্ৰতিদিন গোষ্ঠীৰ সাংবাদিক দিব্যজ্যোতি বৰুৱাই "বিশ্ববিশ্ৰুত শিল্পী ড০ ভূপেন হাজৰিকাৰ জীৱন দৰ্শন" আলোকপাত কৰে।

দামোদৰদেৱ আতা সত্ৰ পৰিচালনা সমিতিৰ সম্পাদক সমাজকৰ্মী মুকুল কলিতাৰ পৌৰহিত্যত অনুষ্ঠিত অনুষ্ঠানটিত শিল্পী লীলা ভূঞা, বিশ্বজ্যোতি বৰদলৈ, হৰ্ষিতা বৰদলৈ, নেহাৰ ভূঞা, জাগৃতি শইকীয়া, জ্যোৎস্না খাটনিয়াৰ, নমামি খাটনিয়াৰে সুধাকণ্ঠৰ কালজয়ী গীত-নৃত্যৰ মনোমোহা অনুষ্ঠান পৰিবেশন কৰে। অনুষ্ঠানত কেশৱ বৰা, মুন বৰদলৈকে আদি কৰি বালিসত্র বাসী ৰাইজ উপস্থিত থাকে।

সুধাকণ্ঠ