/asomiyapratidin/media/media_files/2025/01/14/VaHYcX2riy4rVzATv97a.jpg)
ডিজিটেল সংবাদ,হাজো: উৰুকাৰ নিশা কামৰূপৰ বালিসত্ৰত সংঘটিত হৈছে অঘটন। দুৰ্বৃত্তই জ্বলাই দিলে ৰাজহুৱা মেজিঘৰ। উৰুকাৰ নিশা ৩ বজাত বালিসত্ৰ গোলাঘাট চুবুৰিত ৰাইজে বনোৱা মেজিটো জ্বলাই দিয়ে কোনো দুৰ্বৃত্তই।
ৰাতি মেজিটো জ্বলি উঠা দেখি ৰাইজে লগে লগে জুই নুমাবলৈ চেষ্টা কৰে যদিও নিমিষতে জ্বলি শেষ হৈ যায় মেজিটো। উক্ত ঘটনা সন্দৰ্ভত কযা আৰক্ষীয়ে হৰিপদ দাস নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
 Follow Us