/asomiyapratidin/media/media_files/2026/02/14/1-2026-02-14-14-07-22.jpg)
ডিজিটেল সংবাদ,জামুগুৰিহাটঃ শোণিতপুৰৰ বালিপৰাত সংগ্ৰামী বৃহত্তৰ অসমীয়া মঞ্চই সংবাদমেল সম্বোধন কৰি আগন্তুক বিধান সভা নিৰ্বাচনত ৰঙাপৰা সমষ্টিত সকলো ৰাজনৈতিক দলকে স্থানীয় প্ৰাৰ্থীক প্ৰাৰ্থীত্ব প্ৰদানৰ বাবে দাবী জনায় । সংবাদমেলত সংগ্ৰামী বৃহত্তৰ অসমীয়া মঞ্চৰ লগতে, কোচ ৰাজবংশী ছাত্ৰ সন্থা আৰু গোৰ্খা সমাজৰ প্ৰতিনিধি উপস্থিত থাকি আগন্তুক বিধানসভা নিৰ্বাচনত স্থানীয়,যোগ্য,খিলঞ্জীয়া তথা সৰ্বাত্মকভাৱে সমষ্টিৰ উন্নয়নৰ কথা চিন্তা কৰা প্ৰাৰ্থীক প্ৰাৰ্থীত্ব দিয়াৰ বাবে সজোৰে দাবী উত্থাপন কৰে।
/asomiyapratidin/media/post_attachments/18219a15-d93.png)
উল্লেখযোগ্য যে, সংবাদমেল সম্বোধন কৰি সংগঠনকেইটাৰ নেতৃবৃন্দই কোনো জাতি অথবা সম্প্ৰদায়ৰ আধাৰত যাতে কোনো আযোগ্য প্ৰাৰ্থীক দল সমূহে প্ৰধান্য নিদিয়ে তাৰ প্ৰতিও আহ্বান জনায়। লগতে সংবাদমেলত সংগ্ৰামী বৃহত্তৰ অসমীয়া মঞ্চৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি অঞ্জন বৰা, উপদেষ্টা অচ্যূত বৰুৱা,আক্ৰাছুৰ জিলা সম্পাদক গৌতম দাস,উপ-সভাপতি অসীম দাস, গোৰ্খা সমাজৰ হৈ সূৰ্য্য তামাঙকে প্ৰমুখ্যে কৰি কেইবাগৰাকীও সদস্যই অংশগ্ৰহণ কৰি কোনো বিশেষ ৰাজনৈতিক দলৰ কথা উল্লেখ নকৰাকৈ কেৱল মাত্ৰ সমষ্টিৰ উন্নয়নৰ স্বাৰ্থত স্থানীয় সমস্যা জ্ঞাত তথা বিধানসভাৰ মজিয়াত ৰাইজৰ হকে সজোৰে মাত মাতিব পৰা ব্যক্তিকহে প্ৰধান্য দিয়াৰ বাবে সকলো ৰাজনৈতিক দলকে আহ্বান জনোৱাৰ কথা সদৰি কৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us