Advertisment

বালিপৰাত এন এইচ এম কৰ্মচাৰীৰ উত্তাল প্ৰতিবাদ

বিগত তিনিদিন ধৰি এন এইচ এম কৰ্মচাৰী সকলে বিভিন্ন সমস্যা সমাধানৰ দাবীত বালিপৰা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ সন্মুখত কৰ্মবিৰতি পালন কৰি প্ৰতিবাদত মুখৰ হৈ পৰা দেখা গৈছে।

author-image
Asomiya Pratidin
New Update
fds

ডিজিটেল সংবাদ,বালিপাৰাঃ  সমগ্ৰ ৰাজ্যৰ লগতে শোণিতপুৰৰ বলিপৰাতো প্ৰতিবাদত বহিল এন এইচ এম কৰ্মচাৰী ৷ এই  তিনিদিনীয়া প্ৰতিবাদী কাৰ্য্যসূচী তথা কৰ্মবিৰতিত অচল হৈ আছে স্বাস্থ্যসেৱা। বিগত তিনিদিন ধৰি এন এইচ এম কৰ্মচাৰী সকলে বিভিন্ন সমস্যা সমাধানৰ দাবীত বালিপৰা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ সন্মুখত কৰ্মবিৰতি পালন কৰি প্ৰতিবাদত মুখৰ হৈ পৰা দেখা গৈছে।

Advertisment

 প্ৰতিবাদী স্বাস্থ্য কৰ্মী সকলে সমকামৰ সম দৰমহা প্ৰদান কৰা, চাকৰিৰ নিয়মীয়াকৰণ নোহোৱালৈকে সপ্তম দৰমহা আয়োগৰ মতে দৰমহা প্ৰদান কৰা, বিশেষ নিযুক্তি প্ৰক্ৰিয়াৰে চাকৰি নিয়মীয়াকৰণ কৰাকে বিভিন্ন দাবীৰে শ্লোগান দি বালিপৰা স্বাস্থ্যকেন্দ্ৰ উত্তাল কৰি তোলে। প্ৰতিবাদী কাৰ্যসূচীত এন এইচ এমৰ চিকিৎসক, নাৰ্চকে ধৰি বিভিন্ন ক্ষেত্ৰৰ অৰ্ধ শতাধিক স্বাস্থ্য কৰ্মী উপস্থিত থাকি প্ৰতিবাদ সাব্যস্ত কৰিছে।

বালিপৰা