অধ্যাপকৰ প্ৰস্তাৱ মানি নোলোৱাই হ'ল কাল! ছাত্ৰীৰ আত্মদহনৰ চেষ্টা...

ফকিৰ মোহন স্বায়ত্তশাসিত মহাবিদ্যালয়ৰ বি.এডৰ ছাত্ৰী গৰাকীক বিভাগীয় মুৰব্বীয়ে শাৰিৰীক নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছিল। সাহুৱে ছাত্ৰী গৰাকীক বিগত কেবাদিন ধৰি অসৎ ইংগিত দি আহিছিল।

author-image
Asomiya Pratidin
New Update
new ap web 2 (12)

ডিজিটেল ডেস্কঃ  উৰিষ্যাৰ বালাসোৰ জিলাত সংঘটিত হৈছে এক শিহৰণকাৰী ঘটনা। বালাসোৰৰ এখন কলেজৰ সন্মুখত নিজকে জুই লগাই দিয়ে এগৰাকী ২২ বছৰীয়া ছাত্ৰীয়ে। বৰ্তমান ছাত্ৰী গৰাকীৰ অৱস্থা অতি সংকটজনক। শৰীৰৰ ৯৫ শতাংশই জ্বলি গৈছে ছাত্ৰী গৰাকীৰ...

Advertisment

ঘটনা সন্দৰ্ভত প্ৰাপ্ত তথ্য অনুসৰি, ফকিৰ মোহন স্বায়ত্তশাসিত মহাবিদ্যালয়ৰ বি.এডৰ ছাত্ৰী গৰাকীক বিভাগীয় মুৰব্বীয়ে শাৰিৰীক নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছিল। এই সন্দৰ্ভত ছাত্ৰীগৰাকীয়ে ১ জুলাইত মহাবিদ্যালয়খনৰ আভ্যন্তৰীণ অভিযোগ সমিতিত এজাহাৰ দাখিল কৰিছিল।

তেওঁ উল্লেখ কৰিছিল যে, সাহুৱে ছাত্ৰী গৰাকীক বিগত কেবাদিন ধৰি অস ইংগিত দি আহিছিল। তেওঁ সাহুক নাকচ কৰিলে তেওঁৰ শিক্ষা ক্ষেত্ৰত প্ৰভাৱ পৰিব বুলিও ভাবুকি দিছিল। ভুক্তভোগীৰ পৰিয়ালে দাবী যে, পৰৱৰ্তী সময়ত তেওঁক অভিযোগ প্ৰত্যাহাৰ কৰিবলৈ কলেজ প্ৰশাসনৰ ভিতৰৰ পৰাও হেঁচা প্ৰয়োগ কৰা হৈছিল।

এই ঘটনাৰ প্ৰতিবাদত ছাত্ৰী গৰাকীয়ে আত্মদহনৰ চেষ্টা চলায়। ইতিমধ্যে অভিযুক্ত সমীৰ কুমাৰ সাহুক গ্ৰেপ্তাৰ কৰা হৈছে। ঘটনা সন্দৰ্ভত ভুক্তভোগীৰ পিতৃয়ে কয় যে, "কোন দায়ী সকলোৱে জানে। অধ্যক্ষ, বিভাগৰ এইচ অ' ডি আৰু আভ্যন্তৰীণ সমিতিৰ সদস্যসক- সকলোৱে মোৰ ছোৱালীক অত্যাচাৰ কৰিছিল। পিছত তেওঁলোকে মোক কৈছিল যে আমি অভিযোগ প্ৰত্যাহাৰ নকৰিলে মোৰ বিৰুদ্ধে এফ আই আৰ দাখিল কৰা হ'ব।"

উল্লেখযোগ্য যে, ছাত্ৰী গৰাকীয়ে নিজকে জুই লগোৱা দৃশ্য সামাজিক মাধ্যমত ভাইৰেল হৈছিল। ভুক্তভোগীক জুইৰ শিখাই আগুৰি ধৰিছিল আৰু তেওঁৰ কলেজৰ কৰিডৰৰ মাজেৰে দৌৰিছিল। এজন মানুহে প্ৰথমে সহায় কৰিবলৈ চেষ্টা কৰিছিল যদিও চাৰ্টত জুই লাগি যোৱাৰ পিছত তেওঁ আঁতৰি যায়।

জুইৰ শিখা নুমুৱাবলৈ চেষ্টা কৰা আন এগৰাকী ছাত্ৰও ৭০ শতাংশ পোৰাৰ ফলত আঘাতপ্ৰাপ্ত হয়। দুয়ো গৰাকী বৰ্তমান এতিয়া এইমছত চিকিৎসাধীন হৈ আছে। জানিব পৰা মতে, ভুক্তভোগী ছাত্ৰী গৰাকীৰ অৱস্থা অতি সংকটজনক। ইতিমধ্যে উৰিষ্যাৰ মুখ্যমন্ত্ৰী মোহন চৰণ মাঝিয়ে চিকিৎসালয়খনত উপস্থিত হৈ ছাত্ৰীগৰাকীৰ স্বাস্থ্যৰ বুজ লয়। 

উৰিষ্যা