২৬ খনকৈ গ্ৰন্থ ৰচনা কৰিও প্ৰচাৰ বিমুখ বাক্সাৰ এগৰাকী সাহিত্যিক

নাম তেওঁৰ কৃষ্ণ নাৰ্জাৰী ৷ ঘৰ বাক্সা জিলাৰ সদৰ চহৰ মুছলপুৰত ৷ সৃষ্টিশীল কৰ্মৰাজিৰ মাজত জীৱনৰ মাদকতা বিচাৰি ভাল পোৱা বিভিন্ন গুণেৰে গুণৱন্ত কৃষ্ণ নাৰ্জাৰী ৷

author-image
Asomiya Pratidin
New Update
ে্্্্্্

ডিজিটেল সংবাদ,মুছলপুৰ:   নীৰৱে সাহিত্য সাধনা অব্যাহত ৰখা এগৰাকী ব্যক্তি ৷ পেচাত শিক্ষক হ'লেও ভাষা, সাহিত্য, গল্প, কবিতা, উপন্যাসৰ প্ৰতি আছে তেওঁৰ সাংঘাতিক দুৰ্বলতা ৷ মানুহজনে আজৰি সময়খিনিত ভাষাৰ সন্ধান কৰে, শব্দৰ সন্ধান কৰে, কাহিনীৰ পটভূমি আৰু পৰিৱেশ ৰচনা কৰে। ঘৰৰ পৰা বিদ্যালয়লৈ অহা-যোৱাৰ সময়ত মনলৈ অহা ভাৱনাখিনিক লিপিবদ্ধ কৰে। কিন্তু তেওঁক দেখিলে কোনেও অনুমান কৰিব নোৱাৰে যে তেওঁ এগৰাকী ২৬ খন গ্ৰন্থৰ ৰচক ৷

Advertisment

নাম তেওঁৰ কৃষ্ণ নাৰ্জাৰী ৷ ঘৰ বাক্সা জিলাৰ সদৰ চহৰ মুছলপুৰত ৷ সৃষ্টিশীল কৰ্মৰাজিৰ মাজত জীৱনৰ মাদকতা বিচাৰি ভাল পোৱা বিভিন্ন গুণেৰে গুণৱন্ত কৃষ্ণ নাৰ্জাৰী ৷ সৰুৰে পৰা চৰাই আৰু প্ৰকৃতিক ভালপোৱা খেয়ালী মনৰ আপোনভোলা স্বভাৱৰ কৃষ্ণ নাৰ্জাৰী বড়ো সাহিত্য জগতৰ এগৰাকী বিশিষ্ট কবি-সাহিত্যিক ৰূপে চিনাকি নাম যদিও তেওঁ কিন্তু এগৰাকী প্ৰচাৰ বিমুখ ব্যক্তি।

 লেখক গৰাকীয়ে ইতিমধ্যে ৪ খনকৈ উপন্যাসকে ধৰি কেবাখনো প্ৰৱন্ধ সংকলন, কাব্যগ্ৰন্থ, শিশু উপযোগী কিতাপ আৰু গল্প সংকলন প্রকাশ কৰি বড়ো সাহিত্যৰ ভঁৰাল চহকী কৰিছে। এতিয়ালৈ মুঠ ২৬ খনকৈ গ্ৰন্থ ৰচনা কৰি বড়ো সাহিত্য জগতখনলৈ নিৰলসভাৱে সেৱা আগবঢ়াই অহা প্ৰচাৰবিমুখ লেখক কৃষ্ণ নাৰ্জাৰীয়ে বাক্সা জিলাৰ কলাগুৰু বিষ্ণুৰাভা হাইস্কুলত বিষয় শিক্ষকৰূপে চাকৰি জীৱন আৰম্ভ কৰি ২০১৪ চনত লিখি উলিয়াইছিল কাব্যগ্ৰন্থ 'সাগৰ' ৷

তাৰ পাছত আৰু সাহিত্য চৰ্চাৰ ক্ষেত্ৰত পাছলৈ ঘূৰি চোৱা নাই কৃষ্ণ নাৰ্জাৰীয়ে ৷ ইখনৰ পাছত সিখন গ্ৰন্থ লিখি পাঠকক দি আহিছে সাহিত্যৰ ভিন্ন ভিন্ন জুতি ৷ কৃষ্ণ নাৰ্জাৰীৰ কলমৰ পৰশত প্ৰাণ পাই উঠা গ্ৰন্থ সমূহ হৈছে-

উপন্যাস ক্ৰমে খাফালনি লিৰনায় মিথিয়ৈ হাংখো, বিবাৰনি এম, জোমৈ খোবনায় থৰচে হাথৰখী, গোৰোন্থিনি উনাউ উন দাহা, প্ৰৱন্ধ সংকলন ক্ৰমে সোদোমশ্ৰীনি আগান, চিৰি মোননায় জিউনি লামা, বুথুৱা থুংগ্ৰী,মানচি জানায়নি চিমাং, কবিতা পুথি ক্ৰমে জাইখ্লং, সাগৰ (অসমীয়া), গোমালাংনায় জাইখ্লংনি গাব, চান হাবানায় চমাও, চিমাংনি ৰজে, আগান, বায়নায় গোৰবোনি ৰিংখাংনায় দেংখো, জিউনি বেলাসেয়াও, গল্প সংকলন ক্ৰমে গোচোখাংথিনি মেগন মোদৈ, গোৰোন্থিয়া চোৰনি, লৰহৰায় লাংনায় বিবাৰ, চোদোব গোয়ৈ দাহা, শিশু সাহিত্য গ্ৰন্থ ক্ৰমে চল' বাথানি চেৰ চেৰ, গেদেমা সুবুংনি জিউ খোৰাং, দিন্থি হৰনায় জিউনি লামা, নীতি বোচোন আদি ৷ 

নীৰৱে বড়ো ভাষা-সাহিত্যৰ বৰ পথাৰখনত কাম কৰি যোৱা কৃষ্ণ নাৰ্জাৰীয়ে শেহতীয়াকৈ বড়ো জনগোষ্ঠীৰ সমগ্ৰ বিবাহ পদ্ধতিক সামৰি 'বৰ'নি গোথাৰ জুলীনি নেমফাৰি' নামেৰে এখন অমূল্য গ্ৰন্থ লিখি উলিয়াইছে ৷ আনহাতে প্ৰকাশৰ পথত আছে 'গাংখং' নামৰ এখন শিশু সাহিত্য গ্ৰন্থ ৷

 ১৯৬১ চনৰ ১ জানুৱাৰীত অবিভক্ত নলবাৰী জিলাৰ দক্ষিণ বাস্কা মৌজাৰ শিংৰাপাৰা গাঁৱত পিতৃ নিৰন নাৰ্জৰী আৰু মাতৃ ৰাণী নাৰ্জাৰীৰ ঔৰসত জন্মগ্ৰহণ কৰা কৃষ্ণ নাৰ্জাৰীয়ে সামাজিক দিশত সৰুৰে পৰা সেৱা আগবঢ়াই ছাত্ৰাৱস্থাত ১৯৭৬ চনত নিখিল বড়ো ছাত্ৰ সন্থাৰ দক্ষিণ বাক্সা আঞ্চলিক শাখা গঠন কৰি তাৰে প্ৰতিষ্ঠাপক সম্পাদকৰূপে অধিস্থিত হৈছিল ৷

 ঐতিহাসিক বড়ো অন্দোলনত সক্ৰিয় ভূমিকা লোৱা নাৰ্জাৰী অবিভক্ত নলবাৰী জিলা এবছুৰ তৰ্ক আৰু সাহিত্য সম্পাদকৰ দায়িত্বতো আছিল ৷ পৰৱৰ্তী সময়ত ১৯৮৮ চনৰ পৰা বাক্সাৰ কলাগুৰু বিষ্ণু ৰাভা উচ্চ মাধ্যমিক বিদ্যালয়ত গণিতৰ শিক্ষকৰূপে যোগদান কৰাৰ পিচতো তেওঁ বড়ো সাহিত্য সভা, বাথৌ মহাসভা আদিকে ধৰি বিভিন্ন সামাজিক তথা সাহিত্যানুষ্ঠানৰ সৈতে জড়িত হৈ পৰে ৷

১৯৮৯ চনত বড়ো সাহিত্য সভাৰ নলবাৰী জিলাৰ সহকাৰী সম্পাদক, ২০০৮ চনৰ পৰা ২০১৮ চনলৈ দীৰ্ঘদিন ধৰি মুছলপুৰ আঞ্চলিক বাথৌ মহাসভাৰ সম্পাদক, ২০১৩ চনৰ পৰা ২০১৭ চনলৈ নলবাৰী, বাক্সা জিলা বাথৌ মহাসভাৰ সম্পাদক হিচাপে আৰু তাৰ পিছত সদৌ বাথৌ মহাসভাৰ সাংগঠনিক সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ৷

উল্লেখ্য যে বাক্সা জিলাৰ ভাৰত-ভূটান সীমান্তত অৱস্থিত তথা বৰ্তমান সময়ত ৰাজ্যখনৰে অন্যতম আকৰ্ষণীয় পৰ্যটনস্থলী হৈ পৰা 'দাৰাগাৱ' সৃষ্টিৰ আঁৰৰ ব্যক্তিগৰাকীয়েই হৈছে কৃষ্ণ নাৰ্জাৰী ৷ নাৰ্জাৰীয়েই এটা দশক পূৰ্বে দুই বন্ধু শৰৎ স্বৰ্গীয়াৰী আৰু বানেশ্বৰ ৰামচিয়াৰীৰে মিলি দাৰাগাৱক এক পৰ্যটনস্থলী ৰূপে গঢ় দিয়াত যথেষ্ট অৰিহণা যোগাইছিল ৷

 ২০২১ চনত চাকৰি জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰা নাৰ্জাৰীয়ে বৰ্তমান সময়তো বিভিন্ন সামাজিকভাৱে অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে ৷ বঁটা-বাহনে এজন সাহিত্যিকৰ খ্যাতি বা যশস্যা, তেওঁৰ সাধনাক ওপৰলৈ নিব নোৱাৰে। এয়া তেওঁৰ কামৰ বাবে বিনম্ৰতাৰে যচা এক স্বীকৃতি বা সন্মান ৷

কিন্তু বড়ো সাহিত্য জগতৰ এইগৰাকী নীৰৱ সাধকে বড়ো সাহিত্যলৈ প্ৰভূত বৰঙণি আগবঢ়াইছে অথচ তেওঁ পাব লগা স্বীকৃতি-সন্মানৰ পৰা বঞ্চিত হৈ আছে ৷ ৰাজ্য তথা বিটিআৰ প্ৰশাসনৰ লগতে বড়ো জনগোষ্ঠীটোৰে কোনো এটা জাতীয় অনুষ্ঠানেও আজিলৈকে ২৬ খনকৈ গ্ৰন্থ ৰচনা কৰি বড়ো সাহিত্য জগতৰ ভঁৰাল চহকী কৰা এইগৰাকী প্ৰচাৰ বিমুখ সাহিত্যিকক যথোপযুক্ত সন্মান দিয়া পৰিলক্ষিত হোৱা নাই ৷

মুছলপুৰ