/asomiyapratidin/media/media_files/2025/01/29/8eWynyWzHaccwcwVClvr.jpg)
ডিজিটেল সংবাদ,বাক্সা: অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগ,গুৱাহাটী ক্ৰীড়া সন্থা আৰু জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত বাক্সা জিলাৰ বৰমাৰ জুলি মৈদানত আজিৰে পৰা ২০তম ভাৰত ৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফী,২০২৫ ফুটবল খেলৰ বাক্সা জিলা ভিত্তিক ফুটবল খেলখন আৰম্ভ হয়।
আজিৰ উদ্বোধনী খেলখন ডুমনি স্পৰ্টছ ক্লাব আৰু শালবাৰীৰ ৰেবেল ইউনাইটেড এফচিৰ মাজত অনুষ্ঠিত হয়। খেলখনত শালবাৰী ৰেবেল ইউনাইটেড ক্লাবে ডুমনি স্পৰ্টছ ক্লাবক ০২-০১ গলত পৰাস্ত কৰে। খেলখন উদ্বোধন কৰে বৰমা বিধানসভাৰ বিধায়ক ভূপেন বড়োৰ প্ৰতিনিধি দীননাথ ৰামছিয়াৰীয়ে।
খেলখন পৰিচালনা কৰে ক্ৰমে বুদ্ধ বসুমতাৰী, কনক বড়ো, ৰূপ কুমাৰ মহন্ত আৰু টিকেন্দ্ৰজিত বড়োই। কাইলৈৰ খেলখনত পুৱাৰ ভাগত বৰমা ইউনাইটেড এফচি আৰু মংগলীয়ান স্পৰ্টছ ক্লাবৰ মাজত আৰু আবেলি সুৱণখাটাৰ নৰ্থ ইষ্ট ক্লাব আৰু বাক্সা ভিএচএৰ মাজত মাজত অনুষ্ঠিত হব।