পুনৰ চাহ বাগানত অঘটন ! শ্ৰমিকৰ ভৰি সোমাল পাত কটা মেচিনত,পাছত...

সংকটজনক অৱস্থাত বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয়-হাস্পতালত ভৰ্তি

author-image
Asomiya Pratidin
New Update
মৰিয়নিৰ নিউ সোণোৱাল চাহ বাগিচাৰ কলঘৰৰ মেচিনত সোমাল শ্ৰমিক

প্ৰতীকি ফটো

ডিজিটেল ডেস্কঃ বাক্সাৰ শালবাৰীৰ চাহ বাগানত শ্ৰমিকৰ দুৰ্ঘটনা। বাগানখনৰ চাহৰ পাত কটা মেচিনত ভৰি সোমাই আঘাতপ্ৰাপ্ত চাহ শ্ৰমিক। জানিব পৰা মতে, আঘাতপ্ৰাপ্ত শ্ৰমিকগৰাকীৰ নাম চুলেমান কেৰকাটা।

Advertisment

দুৰ্ঘটনাত শ্ৰমিক কেৰকাটাই বাওঁভৰিত গুৰুতৰভাৱে আঘত পায়। সেয়ে তেওঁক সংকটজনক অৱস্থাত বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয়-হাস্পতালত ভৰ্তি কৰায়।

উল্লেখ্য যে, দুৰ্ঘটনা সন্দৰ্ভত স্থানীয় আৰক্ষীয়ে ঘটনীস্থলীত উপস্থিত হৈ প্ৰাৰম্ভিক তদন্ত আৰম্ভ কৰিছে।

assam tea baksa