/asomiyapratidin/media/media_files/2025/01/08/3mgJuZPCWP71tm0tlunM.jpg)
ABSU on strike demanding solution
ডিজিটেল সংবাদ, বাক্সা : নিখিল বড়ো ছাত্ৰ সন্থাৰ আহ্বানত বুধবাৰে ৰাজ্যজুৰি এবছুৱে ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিছে। বাক্সা জিলাৰ মুছলপুৰতো বাগসা জিলা নিখিল বড়ো ছাত্ৰ সন্থাই তিনি ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰিছে ।
প্ৰতিবাদকাৰীসকলে এবছু জিন্দাবাদ, আমাৰ শৈক্ষিক সমস্যাক গুৰুত্ব দিয়ক ইত্যাদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে । প্ৰতিবাদস্থলীৰ পৰাই এবছুৰ নেতৃত্বই অসম ন্যায়িক সেৱাৰ পৰীক্ষাত বড়ো ভাষাক বিষয় হিচাপে অন্তৰ্ভুক্ত কৰা, চি টেটৰ প্ৰশ্নকাকতত বড়ো ভাষাক এক নম্বৰ ভাষা হিচাপে অন্তৰ্ভুক্ত কৰা, বড়ো মাধ্যমত ৩৫ খন নতুন ‘মডেল হাইস্কুল’ স্থাপন কৰা আদি দাবী উত্থাপন কৰে।
একেদৰে ১০১ খন বড়ো মধ্যম হাইস্কুলৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীতকৰণ কৰা, বিটিআৰ চুক্তিৰ ৬.৩ দফা কাৰ্যকৰী কৰি ভেঞ্চাৰ স্কুলসমূহক তাৎক্ষণিকভাৱে প্ৰাদেশিকীকৰণ কৰা ইত্যাদি দাবী তোলে সংগঠনটোৰ নেতা- কৰ্মীসকলে। লগতে এই সমূহ দাবী মানি নল'লে আন্দোলন আৰু প্ৰতিবাদ অব্যাহত থাকিব বুলি কঠোৰ ভাষাৰে সকীয়াই দিয়ে ।