/asomiyapratidin/media/media_files/2025/06/15/pmgM1fsvnP8aqdMrSGVt.jpg)
ডিজিটেল সংবাদ,বাক্সাঃ বিটিআৰৰ ৰাইজৰ ভূমি সমস্যাৰ ১০০% সমাধান কৰাৰ বাবে বিটিআৰ চৰকাৰে গ্ৰহণ কৰিছে এই পদক্ষেপ। ইতিমধ্যে মিছন বৈছোমুখি ১.০ৰ জৰিয়তে প্রায় ১,৬০,০০০ৰো অধিক লোকক ভূমি-সংক্রান্তীয় ১৪ টা সেৱা অনলাইনযোগে আগবঢ়োৱা হৈছিল ।
মিছন বৈছোমুথিৰ ২.০ৰ জৰিয়তে পোন প্ৰথমবাৰৰ বাবে চাহ বাগান, ৰবৰ বাগান আদিক ভূমি দিয়াৰ ব্যৱস্থা কৰা হ'ব বুলি প্ৰকাশ কৰে বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে। আজি এই মিছন বৈছোমুথিৰ ২.০ৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই।
অনুষ্ঠানত ৰাজ্যপালে কয় যে, স্বাধীনতা লাভ কৰাৰ ইমান বছৰ পিছতো ভূমিহীনভাৱে জীয়াই থকাটো বহুত কষ্টকৰ। আজি বিটিআৰ চৰকাৰে ভূমিহীন লোকক ভূমি দিয়াৰ যি ব্যৱস্থা কৰিলে ইয়াৰ জৰিয়তে সেইসকল ব্যক্তিয়ে নিজৰ নামত ভূমিৰ অধিকাৰ লাভ কৰিব, ইয়াতকৈ সুখৰ কথা একো হ'ব নোৱাৰে । বিটিআৰ চৰকাৰৰ এই পদক্ষেপৰ শলাগ লয় ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই ।
আজিৰ এই অনুষ্ঠানত বিটিআৰ প্ৰমুখ প্ৰমোদ বড়ো, কেবিনেট মন্ত্ৰী ইউ জি ব্ৰহ্ম , ৰাজ্য সভাৰ সাংসদ ৰণগৌৰা নাৰ্জাৰী , বিটিচিৰ উপ মুখ্য কাৰ্যবাহী গোবিন্দ বসুমতাৰী,বিটিআৰৰ অধ্যক্ষ কাতিৰাম বড়োকেধৰি বিটিআৰৰ ভালেসংখ্যক বিধায়ক ইএম উপস্থিত থাকে । ইফালে কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীয়ে কেতবোৰ মন্তব্য কৰে অনুষ্ঠানক লৈ।