Advertisment

চিন্তিত পৰিয়ালঃ বিগত প্ৰায় এমাহ ধৰি সন্ধানহীন বাসন্তী দাস...

বিগত বৰ্ষৰ ২৪ডিচেম্বৰৰ পৰা গুৱহাটী মহানগৰীত সন্ধানহীন হৈ আছে এগৰাকী বয়োজ্যেষ্ঠা মহিলা। বাসন্তী দাস নামৰ ৮০ৰো উৰ্ধৰ মহিলাগৰাকী গুৱাহাটীৰ নুনমাটি শালবাৰীস্থিত

author-image
Asomiya Pratidin
New Update
সন্ধানহীন

সন্ধানহীন Photograph: (সন্ধানহীন )

ডিজিটেল ডেস্কঃ  বিগত বৰ্ষৰ ২৪ডিচেম্বৰৰ পৰা গুৱহাটী মহানগৰীত সন্ধানহীন হৈ আছে এগৰাকী বয়োজ্যেষ্ঠা মহিলা। বাসন্তী দাস নামৰ ৮০ৰো উৰ্ধৰ মহিলাগৰাকী গুৱাহাটীৰ নুনমাটি শালবাৰীস্থিত পুত্ৰৰ ঘৰত বাস কৰিছিল। ৰোগীয়া মহিলাগৰাকী ২৪ডিচেম্বৰ, ২০২৪ৰ নিশা প্ৰায় ৭.৫০বজাত ওলাই গৈছিল। তাৰ পিছৰে পৰাই সন্ধানহীন হৈ আছে মহিলাগৰাকী।

Advertisment

বয়োজ্যেষ্ঠা মহিলাগৰাকীক বিচাৰি পৰিয়ালে আৰক্ষীক খবৰ দিছে যদিও কোনো সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী। ৰোগীয়া মাতৃৰ সন্ধান নাপাই ইতিমধ্যে চিন্তিত হৈ পৰিছে দুই পুত্ৰ। যদিহে কোনো সদাশয় লোকে মহিলাগৰাকীৰ সন্ধান লাভ কৰে তেন্তে 83990-62501 নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালে আহ্বান জনাইছে। ৮০ৰো উৰ্ধৰ সন্ধানহীন মহিলাগৰাকীৰ নাম বাসন্তী দাস।

গুৱাহাটী