/asomiyapratidin/media/media_files/2025/06/06/79g4j2H6UOCxzlLPmUWU.jpg)
বজৰং দলৰ এজাহাৰ দাখিল
ডিজিটেল সংবাদ, লংকাঃ লংকাত সন্ধিয়া অসুৰক্ষিত যুৱতী। বিগত কিছুদিনৰ পৰা লংকাকে ধৰি ইয়াৰ উপকণ্ঠ অঞ্চল ক্ৰমে ভালুকমাৰী, জোৰাপুখুৰী, জিলা সদৰ শ্ৰীমন্ত শংকৰদেৱ নগৰত আদি অঞ্চলত সন্ধিয়া ৬/৭ মান বজাৰ লগে লগেই অসুৰক্ষিত হৈ পৰে স্থানীয় যুৱতী সকল।
টিউচন, বজাৰ-সমাৰলৈ যোৱা যুৱতীসকলক এন্ধাৰৰ সুযোগ লৈ একাংশ অভদ্ৰ যুৱকে দ্ৰুত গতিত বাইক লৈ আহি শৰীৰত স্পৰ্শ, ডিঙিৰ চেইন টনা, ৰ'ডৰে প্ৰহাৰ কৰা আদি ঘটনা সংঘটিত কৰি আহিছে। একাংশ যুৱতীয়ে লাজ অপমানৰ ভয়ত নিমাত হৈ থকাৰ লগতে একাংশই নিজৰ অভিমত ব্যক্ত কৰাত জিলা বজৰং দলৰ বিষয়ববীয়াই ঘটনা সন্দৰ্ভত লংকা আৰক্ষী থানাত এক এজাহাৰ দাখিল কৰে। আৰক্ষীক উক্ত যুৱকসকলৰ দলটোৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰক্ষীক আহ্বান জনাই সংগঠনটোৱে।