/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/02/baj.png)
ডিজিটেল ডেস্ক: বজৰংগ দলৰ এগৰাকী কৰ্মকৰ্তাৰ হত্যাৰ পাছতেই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে কৰ্ণাটকৰ শিৱমোগাত। কৰ্ণাটকত চলি থকা হিজাব বিতৰ্কৰ মাজতেই ৰবিবাৰে নিশা প্ৰায় ৯ বজাত বজৰংগ দলৰ কৰ্মকৰ্তা হৰ্ষাৰ হত্যাকাণ্ডৰ ঘটনা পোহৰলৈ আহে।
এই হত্যাকাণ্ডৰ খবৰ পোহৰলৈ অহাৰ পিছতেই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃ্ষ্টি হয়।ইয়াৰ লগে লগে শিৱমোগাত ১৪৪ ধাৰা জাৰি কৰে প্ৰশাসনে লগতে স্কুল কলেজ সমূহো সোমবাৰে বন্ধৰ ঘোষণা কৰি দিয়া হৈছে।
বজৰংগ দলৰ নেতা গৰাকীৰ মৃত্যুৰ পিছতেই চহৰৰ কেইবাটা এলেকাত বহু বাহন জ্বলাই দিয়া হয় আৰু দলৰ কৰ্মকৰ্তা সকলে প্ৰতিবাদ সাব্যস্ত কৰে।সেনাৰ তৰফৰ পৰা ফ্লেগমাৰ্চো কৰা হয়।
হত্যা সন্দৰ্ভত বজৰংগ দলৰ এগৰাকী নেতাই কয় যে আৰক্ষীৰ তদন্তক লৈ তেওঁলোক সুখী নহয়। আৰক্ষীয়ে এতিয়াও উচিত ব্যৱস্থা গ্ৰহণ কৰা নাই। হত্যাৰ বলি হোৱা হৰ্ষা বজৰং দলৰ এগৰাকী সক্ৰিয় সদস্য আছিল।
কৰ্ণাটকৰ গৃহমন্ত্ৰী অৰাগা জ্ঞানেদ্ৰই কয় যে এই হত্যাকাণ্ডত ৪ ৰ পৰা ৫ জনকৈ লোক জড়িত হোৱাৰ সম্ভৱণা আছে। আৰক্ষীয়ে ইতিমধ্যে তথ্য লাভ কৰিছে যদিও তদন্ত অব্যাহত ৰাখিছে। তদন্তৰ পাছত ওলাই পৰিব হত্যাৰ কাৰণ।