বজালী জিলা প্ৰশাসনৰ ব্যতিক্ৰমী পদক্ষেপঃ অনুত্তীৰ্ণ ছাত্র-ছাত্ৰীৰ বাবে অনুপ্ৰেৰণামূলক অনুষ্ঠান

আজি বজালী জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাঘৰত দ্বাদশ অনুত্তীৰ্ণ শিক্ষাৰ্থীৰ বাবে এক বিশেষ অনুপ্ৰেৰণামূলক অনুষ্ঠান আয়োজন কৰা হয়। অনুষ্ঠানত মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ অংশগ্ৰহণ।

author-image
Asomiya Pratidin
New Update
বজালী জিলা প্ৰশাসনৰ ব্যতিক্ৰমী পদক্ষেপঃ অনুত্তীৰ্ণ ছাত্র-ছাত্ৰীৰ বাবে অনুপ্ৰেৰণামূলক অনুষ্ঠান

ডিজিটেল সংবাদ পাটাছাৰকুছিঃ "অনুত্তীৰ্ণ শিক্ষাৰ্থীৰ বাবে অনুপ্ৰেৰণামূলক অনুষ্ঠান পতা মই আগেয়ে দেখাও নাই, শুনাও নাই। বজালী জিলা প্ৰশাসনে বিশেষকৈ জিলা আয়ুক্ত মৃদুল কুমাৰ দাসে লোৱা এই ব্যতিক্ৰমী পদক্ষেপক আদৰণি জনাইছোঁ। ইয়াৰ জৰিয়তে শিক্ষাৰ্থীসকল অনুত্তীৰ্ণ হোৱাৰ আঁৰত কি কি প্ৰত্যাহ্বান আছিল আৰু সেইবোৰ অতিক্ৰম কৰাৰ কি কি সম্ভাৱনা আছে, জনাৰ অৱকাশ পাম।" 

Advertisment

আজি বজালী জিলাৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাঘৰত দ্বাদশ অনুত্তীৰ্ণ শিক্ষাৰ্থীৰ বাবে আয়োজিত অনুপ্ৰেৰণামূলক অনুষ্ঠানত অংশগ্ৰহণ কৰি জ্যেষ্ঠ কেবিনেট মন্ত্ৰী তথা পাটাছাৰকুছি সমষ্টিৰ বিধায়ক ৰণজিৎ কুমাৰ দাসে এইদৰে কয়। উক্ত অনুষ্ঠানত বজালী জিলাৰ ১৮ খন উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু ৪ খন মহাবিদ্যালয়ৰ ২১ গৰাকী দ্বাদশ অনুত্তীৰ্ণ শিক্ষাৰ্থীৰ লগতে প্ৰতিখন শিক্ষানুষ্ঠানৰ মূৰব্বী বা প্ৰতিনিধি শিক্ষাগুৰুসকল উপস্থিত থাকে। 

বজালী জিলা প্ৰশাসনৰ ব্যতিক্ৰমী পদক্ষেপঃ অনুত্তীৰ্ণ ছাত্র-ছাত্ৰীৰ বাবে অনুপ্ৰেৰণামূলক অনুষ্ঠান

উপস্থিত প্ৰতিজন শিক্ষাৰ্থীৰপৰা দ্বাদশ অনুত্তীৰ্ণ হোৱাৰ কাৰণবোৰ জানিব বিচৰা হৈছিল আৰু তেওঁলোকে বিনাদ্বিধাই নিজৰ নিজৰ দৃষ্টিকোণৰপৰা প্ৰত্যাহ্বানবোৰৰ বিষয়ে অৱগত কৰে। তাৰ ভিতৰত অৰ্থনৈতিক অনগ্ৰসৰতাৰ বাবে জীৱিকামুখী হ'বলৈ বাধ্য হোৱাই অন্যতম প্ৰধান। 

তেওঁলোকৰ কিছু সংখ্যকে অভিভাৱকক সহায়ৰ হাত বঢ়াবলৈ মিস্ত্ৰী বা মিস্ত্ৰীৰ সহকাৰী, কুৰিয়াৰ বয়, পশুপালক আদিৰ লেখীয়া বিভিন্ন বৃত্তিত নিয়োজিত হৈ আছে আৰু কিছু সংখ্যকে আকৌ পঢ়াৰ বাবে বা চাকৰিপ্ৰাৰ্থী হোৱাৰ বাবে প্ৰস্তুতি চলাই আছে। একেদৰে জিলা আয়ুক্ত মৃদুল কুমাৰ দাস, জিলা উন্নয়ন আয়ুক্ত তথা মুখ্য কাৰ্যবাহী বিষয়া আশ্ৰাফুল আমিন, অতিৰিক্ত জিলা আয়ুক্ত উৰ্মি মেধি, অতিৰিক্ত জিলা আয়ূক্ত প্ৰাঞ্জল প্ৰতীম কোঁৱৰ, উপ আৰক্ষী অধীক্ষক অনামিকা মহন্ত, বৰপেটা জিলাৰ শিক্ষা বিষয়া তথা বিদ্যালয়সমূহৰ পৰিদৰ্শন বিতোপন হাজৰিকা প্ৰমুখ্যে বিষয়া আৰু শিক্ষানুষ্ঠানৰ মূৰব্বীসকলে তেওঁলোকক অনুপ্ৰেৰণামূলক কাহিনী বা ‘টুৱেলভ ফেইল’ৰ দৰে সাফল্যৰ দৃষ্টান্তবোৰ দাঙি ধৰে। 

অকল সেয়াই নহয়, তাৰ লগতে জীৱিকাৰ সহায়ক হোৱাকৈ বৃত্তিমূলক শিক্ষা প্ৰদান কৰা বা তেওঁলোকৰ আনুষ্ঠানিক শিক্ষাৰ সহায়ক হোৱাকৈ বিশেষ পাঠদানৰ ব্যৱস্থা কৰা সন্দৰ্ভত ঐক্যমত্যত উপনীত হয়। এইক্ষেত্ৰত জিলা আয়ুক্ত মৃদুল কুমাৰ দাসে শিক্ষা বিষয়া তথা বিদ্যালয়সমূহৰ পৰিদৰ্শক বিতোপন হাজৰিকাক উপদেশবোৰ কাৰ্যকৰী হোৱাকৈ প্ৰথমে এটা হেল্প ডেক্স সাজু কৰিবলৈ নিৰ্দেশ দিয়ে।

বজালী মন্ত্ৰী ৰণজিৎ কুমাৰ দাস