আনন্দৰাম বৰুৱা একাডেমী পাঠশালাত সংস্কৃতি সংগম...

অসমৰ বৌদ্ধিক জগতৰ চিৰ নমস্য প্রবাদ পুৰুষ আনন্দৰাম বৰুৱাৰ নামেৰে প্রতিষ্ঠাপিত আনন্দৰাম বৰুৱা একাডেমিয়ে 'সংস্কৃতি সংগম ২.০' নামেৰে এক ব্যতিক্রমী অনুষ্ঠান আয়োজন কৰে।

author-image
Asomiya Pratidin
New Update
kokddd

ডিজিটেল সংবাদ, বজালীঃ অসমৰ বৌদ্ধিক জগতৰ চিৰ নমস্য প্রবাদ পুৰুষ আনন্দৰাম বৰুৱাৰ নামেৰে প্রতিষ্ঠাপিত আনন্দৰাম বৰুৱা একাডেমিয়ে 'সংস্কৃতি সংগম ২.০' নামেৰে এক ব্যতিক্রমী অনুষ্ঠান আয়োজন কৰে।

উক্ত অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীৰ বৌদ্ধিক, মানসিক আৰু শাৰীৰিক উৎকর্ষ সাধনৰ বাবে নৃত্য, সংগীত, অভিনয়, ক্রীড়া আদি বিষয়ৰ সুসংহত আৰু প্ৰণালীবদ্ধ শিক্ষা প্ৰদানৰ উদ্দেশ্যেৰে শিক্ষানুষ্ঠানখনৰ সংগীত,নৃত্য,গীত,খেল বিভাগৰ চাৰিটা শাখাৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে।অসম চৰকাৰৰ অসম সৌৰভ বঁটা আৰু ভট্টদেৱ বিশ্ববিদ্যালয়ৰ সন্মানীয় ডক্টৰেট ডিগ্ৰীৰে সন্মানীত কৃষ্ণ ৰয়ে আনুষ্ঠানিক ভাবে উদ্বোধন কৰে।

সাহিত্য অকাডেমীৰ অনুবাদ বঁটা প্রাপক, বিশিষ্ট সাহিত্যিক  অঞ্জন শৰ্মা, অসম গৌৰৱ বঁটাৰে সন্মানীত ভাৰত চন্দ্ৰ কলিতা,অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নৱ নির্বাচিত সাধাৰণ সম্পাদক বিজন বায়ন আৰু সহকাৰী সাধাৰণ সম্পাদক মৃদুল তালুকদাৰক,বিশিষ্ঠ কন্ঠ শিল্পী তৰালী শৰ্মা,সংগীত নাটক একাডেমী বটা প্ৰাপক ৰামকৃষ্ণ তালুকদাৰক সম্বৰ্ধনা জনোৱা হয়।

পাঠশালা