বজালী জিলা বাৰ্তাজীৱী সংঘৰ তৃতীয় দ্বি-বাৰ্ষিক অধিৱেশন সম্পন্ন: নতুন সমিতি গঠন

অসম বাৰ্তাজীৱী সংঘই সাংবাদিকসকলৰ সমস্যাসমূহ দূৰীকৰণৰ, কল্যাণৰ বাবে অহৰহভাবে লাগি আছে আৰু অনাগত দিনতো ন্যায্য প্ৰাপ্তিৰ বাবে পদক্ষেপ গ্ৰহণ কৰি আহিছে....

author-image
Asomiya Pratidin
New Update
1

ডিডিটেল সংবাদ, পাঠশালাঃ   "সমাজৰ অতন্ত্ৰ প্ৰহৰীস্বৰূপ সাংবাদিকসকল আজিও শোষিত, নিষ্পেষিত হৈ আহিছে ৷ সংবাদমেললৈ মাতি নি আজি সাংবাদিকক অপমান কৰিবলৈও কুণ্ঠাবোধ নকৰা হৈছে একাংশ ৰাজনৈতিক নেতাই ৷ সাংবাদিকসকল ঐক্যবদ্ধ হোৱাৰ সময় সমাগত৷ যেতিয়ালৈকে সাংবাদিকসকল ঐক্যবদ্ধ হব নোৱাৰে তেতিয়ালৈকে সাংবাদিকলকলৰ লগত চলি থকা শোষণ, নিষ্পেষণ চলি থাকিব"- এই মন্তব্য অসম বাৰ্তাজীৱী সংঘৰ উপ সভাপতি তথা অসমীয়া প্ৰতিদিন কাকতৰ জ্যেষ্ঠ উপ সম্পাদক অঞ্জন কুমাৰ শৰ্মাৰ৷

Advertisment

আজি বজালী জিলা সদৰ পাঠশালাত অনুষ্ঠিত বজালী জিলা বাৰ্তাজীৱী সন্থাৰ তৃতীয় দ্বি-বাৰ্ষিক অধিৱেশনত উপস্থিত থাকি সংঘৰ কেন্দ্ৰীয় সমিতিৰ উপ সভাপতিগৰাকীয়ে ভাষণ প্ৰসংগত অসমৰ সংবাদ মাধ্যমৰ প্ৰায় দুশবছৰীয়া ইতিহাসৰ বিষয়ে আলোকপাত কৰি কয় যে সংবাদ মাধ্যমৰ ধাৰা পূৰ্বৰ তুলনাত বহুখিনি পৰিবৰ্তন হৈছে ৷ কিন্তু পৰিৱৰ্তন হোৱা নাই সাংবাদিকৰ অৰ্থনৈতিক অৱস্থাৰ৷ কাৰণ সাংবাদিকসকলক না মালিকগোষ্ঠীয়ে সুবিধা দিব পাৰিছে, না  চৰকাৰে ৷

চৰকাৰে সকলো শ্ৰেণীৰ নাগৰিকৰ বাবে আঁচনি গ্ৰহণ কৰিছে যদিও সাংবাদিকসকলৰ বাবে এতিয়ালৈকে কোনোধৰণৰ আঁচনি গ্ৰহণ নকৰাটোৱে সাংবাদিকসকল শোষিত, নিষ্পেষিত হোৱাটো স্পষ্টৰূপত প্ৰতিফলিত কৰে৷ সাংবাদিকসকলৰ ন্যায্যপ্ৰাপ্তিৰ বাবে অসম বাৰ্তাজীৱী সংঘই  অহৰহভাবে লাগি আছে আৰু অনাগত দিনতো এই সংগ্ৰাম অব্যাহত ৰাখিব৷ সাংবাদিকসকলৰ বীমা কৰিব লাগে বুলি দাবী জনাই তেওঁ কয় যে সাংবাদিকক এলাগী কৰি ৰখাৰ কোনো যুক্তি থাকিব নোৱাৰে৷ আজি অসমৰ অধিক সংখ্যক সাংবাদিকৰে অৱস্থা তথৈবচ ৷

অথচ সাংবাদিকৰ কান্ধত বন্দুক থৈয়ে একাংশই ৰাজনৈতিক জখলা বগাই আছে ৷ সাংবাদিকসকলক মৰ্যদাসহকাৰে জীয়াই ৰখাৰ অধিকাৰ দিব লাগে ৷ আজিৰ সভাৰ জৰিয়তে তেওঁ সাংবাদিকসকলৰ বাবে চৰকাৰী আঁচনি গ্ৰহণ কৰিবলৈ বাৰ্তাজীৱী সংঘৰ পৰা আহ্বান জনায় ৷ বজালী জিলা বাৰ্তাজীৱী সংঘৰ সভাপতি কৈলাস চৌধুৰীৰ সভাপতিত্বত সাংবাদিক অখিল কাকতিয়ে আঁত ধৰা আৰু সাধাৰণ সম্পাদক কল্যাণ কলিতাই উদ্দেশ্য ব্যাখ্যা কৰা সভাত অংশগ্ৰহণ কৰে অসম বাৰ্তাজীৱী সংঘৰ সাধাৰণ সম্পাদক মুকুট ৰাজ শৰ্মাই।

তেওঁ ভাষণ প্ৰসংগত সাংবাদিকসকলে সামাজিক মাধ্যমত মন্তব্য ৰাখোতে সতৰ্ক আৰু সাৱধান হোৱাৰ লগতে সাংবাদিকসকলে যিকোনো বিষয়ত মন্তব্য দিয়াৰ পৰা বিৰত থকাটো উচিত বুলি কয় ৷ পাঠশালা শিক্ষাপীঠ চিনিয়ৰ ছেকেণ্ডাৰী স্কুলত অনুষ্ঠিত অধিৱেশনত উপস্থিত থাকি সংঘৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদকগৰাকীয়ে আৰু কয় যে ৰাইজৰ মৰম আৰু স্নেহৰ বাবে সাংবাদিকসকল জীয়াই আছে ৷

সাংবাদিকৰ বাবে, ৰাইজৰ বাবে সাংবাদিকসকল একত্ৰিত হোৱাটো অতি প্ৰয়োজনীয় হৈ পৰিছে বুলি উল্লেখ কৰি তেওঁ কয় যে অসমত প্ৰায় ৪০ হাজাৰ সাংবাদিক-সংবাদকৰ্মী আছে৷ কিন্তু তেওঁলোক সকলো দিশৰ পৰাই বঞ্চিত৷ এনে এক প্ৰেক্ষাপটতে অসম মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কালি কোৱাৰ দৰে সাংবাদিকসকলৰ দৰমহা বৃদ্ধি কৰাটো অসম বাৰ্তাজীৱী সংঘৰ দাবীসমূহৰ ভিতৰত অন্যতম ৷

অসমৰ অধিকাংশ সাংবাদিক আৰ্থিকভাৱে অতি দুৰ্বল বুলি বিভিন্ন সংবাদিকৰ উদাহৰণ দাঙি ধৰি শৰ্মাই কয় যে যদি সাংবাদিকসকল অৰ্থনৈতিক স্বাবলম্বী হব নোৱাৰে তেন্তে তেওঁলোকে ৰাইজৰ হ'কে কেনেদৰে কাম কৰিব৷ এনে এক প্ৰেক্ষাপটতে অসমত সাংবাদিকৰ স্বাস্থ্য বীমা, স্বাস্থ্য কল্যাণ নিধি আদিৰ লগতে মাঝিথিয়া আয়োগৰ প্ৰতিবেদন কাৰ্যকৰী কৰাৰ বাবে তেওঁ চৰকাৰক আহ্বান জনায় ৷ অধিৱেশনৰ কাৰ্যসূচীৰ আৰম্ভনিতে পতাকা উত্তোলন কৰে বজালী জিলা বাৰ্তাজীৱী সংঘৰ সভাপতি কৈলাস চৌধুৰীয়ে ৷

গছপুলি ৰোপন কৰে বামাখাটা গাঁওৰ গাঁও প্ৰধান বনজিৎ পাটগিৰি আৰু সাংবাদিক ক্ৰমে হীৰেণ কলিতা, কৈলাস চৌধুৰী, কল্যাণ কলিতা, ৰঞ্জিত দাস, অখিল কাকতি, জিণ্টু দাস, কল্যাণ পাটগিৰি, তাপস ঘোষ সমন্বিতে সংবাদকৰ্মীসকলে৷ বন্তি প্ৰজ্বলন কৰে পাঠশালা শিক্ষাপীঠ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত অধ্যক্ষ উৎপল বৰকাকতিয়ে ৷

স্মৃতি তৰ্পণ কৰে ভাৰত বাৰ্তাজীৱী মহাসংঘৰ ৰাষ্ট্ৰীয় পৰিষদৰ সদস্য কিশোৰজ্যোতি শৰ্মাই৷বজালীৰ ভালে সংখ্যক বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰা সভাখনত জ্যেষ্ঠ সাংবাদিক তথা বিশিষ্ট কবি প্ৰণৱ কুমাৰ গোস্বামীয়ে ৰচনা কৰা কবিতা আবৃত্তি কৰে প্ৰাক্তন সাংবাদিক তথা কবি মেঘালী শৰ্মাই, লোকগীত পৰিৱেশন কৰে লোকগীতৰ সাধক বসন্ত পাটগিৰি আৰু শিল্পী মুকুট কলিতাই৷ সভাত উপস্থিত থাকি অসম বাৰ্তাজীৱী সংঘৰ সভাপতি মধুসুধন মেধিয়ে কয় যে সাংবাদিক সকলৰ কল্যাণৰ বাবে সততে মাত মাতি অহা সংগঠন হৈছে অসম বাৰ্তাজীৱী সংঘ ৷

অসমৰ সাংবাদিকসকলৰ লগতে জনসাধাৰণৰ হ'কেও প্ৰতিপল মাত মাতি অহা সংগঠন হৈছে বাৰ্তাজীৱী সংঘ৷ বজালী জিলা বাৰ্তাজীৱী সংঘইয়ো বজালীৰ সংবাদিক আৰু ৰাইজৰ উমৈহতীয়া স্বাৰ্থত কাম কৰি অহা বিষয়টোৱে অসম বাৰ্তাজীৱী সংঘৰ উদ্দেশ্যক ৰাইজৰ মাজত নিয়াত নিশ্চয়কৈ সহায় কৰিছে বুলি মন্তব্য কৰি মেধীয়ে কয় যে অসম বাৰ্তাজীৱী সংঘই সাংবাদিকসকলৰ সমস্যাসমূহ দূৰীকৰণৰ, কল্যাণৰ বাবে অহৰহভাবে লাগি আছে আৰু অনাগত দিনতো ন্যায্য প্ৰাপ্তিৰ বাবে পদক্ষেপ গ্ৰহণ কৰি আহিছে বুলি মন্তব্য কৰে৷ সভাত অন্তত শলাগ জ্ঞাপন কৰে সাংবাদিক হীৰেণ কলিতাই ৷

বিয়লি অসম বৰ্তাজীৱী সংঘৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক মুকুটৰাজ শৰ্মাৰ পৌৰহিত্যত কেন্দ্ৰীয় সমিতিৰ সভাপতি মধুসুধন মেধী, কাৰ্যনিৰ্বাহক ক্ৰমে ভাস্কৰ শৰ্মা, সোনাধৰ ডেকা, কিশোৰজ্যোতি শৰ্মা আৰু সংবাদসেৱাৰ সতে জড়িত ভালেসংখ্যক লোকৰ উপস্থিতিত অনুষ্ঠিত বিষয় বাচনি সভাত বজালী জিলা বাৰ্তাজীৱী সংঘৰ পুৰণি সমিতিখন ভংগ কৰি সাংবাদিক ক্ৰমে কৈলাস চৌধুৰীক সভাপতি, কল্যাণ কলিতা আৰু আমিনুল হকক উপ সভাপতি, হীৰেণ কলিতাক সাধাৰণ সম্পাদক, অখিল কাকতি আৰু জিন্টু দাসক সহকাৰী সাধাৰণ সম্পাদক, ৰঞ্জিত দাস আৰু মিন্টু কলিতাক সাংগঠনিক সম্পাদক, গণেশ আগৰৱালাক কোষাধ্যক্ষ, সঞ্জীৱ দাসক পত্ৰিকা সম্পাদক, নিকুঞ্জ কাকতিক কাৰ্যালয় সম্পাদক তথা নৱকান্ত কলিতা, প্ৰণৱ কুমাৰ গোস্বামী আৰু গিৰিজামোহন কলিতাক উপদেষ্টা হিচাপে লৈ বজালী জিলা বাৰ্তাজীৱী সংঘৰ নতুন সমিতিখন গঠন কৰা হয় ৷

 আনহাতে বিষয় বাচনী সভাৰ আৰম্ভনিতে বজালী জিলা বাৰ্তাজীৱী সংঘৰ ইতিহাস সন্দৰ্ভত ব্যাখ্যা কৰি অসম বাৰ্তাজীৱী সংঘৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক ভাস্কৰ শৰ্মাই কয় যে অসমত মুঠ ২৬ খন জিলা সমিতি সক্ৰিয় আৰু সুশৃংখলাবদ্ধভাৱে চলি থকা অসম বাৰ্তাজীৱী সংঘ হৈছে এক সু সংগঠিত, সু সংঘবদ্ধ সন্থা যিয়ে ৰাজ্যখনৰ সাংবাদিকসকলৰ ন্যায্য প্রাপ্তি আৰু অধিকাৰৰ হকে সংগ্ৰাম কৰি আহি আজি সোনালী জয়ন্তী অতিক্ৰম কৰিছে ।

 সাংবাদিক সকলে প্ৰাপ্য অধিকাৰ নোপোৱা পৰ্যন্ত অসং বাৰ্তাজীৱী সংঘই  একত্ৰিত আৰু সংঘবদ্ধভাবে আগবাঢ়ি যাব লাগিব বুলি মন্তব্য কৰি অসমৰ সকলো সাংবাদিককে এক হবলৈ আহ্বান জনায়৷ সন্ধিয়া পাঠশালা প্ৰেছ ক্লাৱৰ সম্পাদক ৰঞ্জিত দাসৰ দ্বাৰা বন্তি প্ৰজ্বলনেৰে বজালী জিলা বাৰ্তাজীৱী সংঘৰ তৃতীয় দ্বি-বাৰ্ষিক অধিৱেশনখনৰ সামৰণি পৰে৷

অসম বাৰ্তাজীৱী সংঘ