হাওৰাঘাটৰ গৰখীয়া পুখুৰী গাঁৱত ৰংজালী বৈশাগু উৎসৱৰ আয়োজন

কাৰ্বি আংলং জিলাৰ হাওৰাঘাট অঞ্চলৰ গৰখীয়া পুখুৰী গাঁও উন্নয়ন সমিতিৰ উদ্যোগত আৰু গৰখীয়া পুখুৰী নেহৰু সংঘ তথা গৰখীয়া পুখুৰী গাঁৱৰ মহিলা সমিতিৰ যৌথ সহযোগত ৰংজালী বৈশাগু উৎসৱৰ আয়োজন কৰা হৈছে।

author-image
Asomiya Pratidin
New Update
বৈশাগু উৎসৱৰ আয়োজন

ডিজিটেল সংবাদ, হাওৰাঘাট : কাৰ্বি আংলং জিলাৰ হাওৰাঘাট অঞ্চলৰ গৰখীয়া পুখুৰী গাঁও উন্নয়ন সমিতিৰ উদ্যোগত আৰু গৰখীয়া পুখুৰী নেহৰু সংঘ তথা গৰখীয়া পুখুৰী গাঁৱৰ মহিলা সমিতিৰ যৌথ সহযোগত ৰংজালী বৈশাগু উৎসৱৰ আয়োজন কৰা হৈছে। প্ৰত্যেক বছৰৰ দৰে এইবেলিও  অহা ২০ , ২১ আৰু ২২ এপ্ৰিলত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ২৫ সংখ্যক ৰংজালী বৈশাগু অনুষ্ঠানটি গৰখীয়া পুখুৰী গাঁৱৰ নামঘৰ প্ৰাংগণত অনুষ্ঠিত কৰাৰ বাবে ব্যাপক প্ৰস্তুতি চলোৱা হৈছে।

Advertisment

উল্লেখ্য যে , এই অনুষ্ঠানত পৰম্পৰাগত খেল - ধেমালি, সাংস্কৃতিক অনুষ্ঠানৰ লগতে অনুষ্ঠানৰ লগত সংগতি ৰাখি বঁটা বিতৰণী ও মুকলি সভা অনুষ্ঠিত কৰা হ’ব ৷ এই উপলক্ষে বৃহস্পতিবাৰে গৰখীয়া পুখুৰী নামঘৰ প্ৰাংগণত ধনেন ব্ৰহ্মৰ সভাপতিত্বত এখন সাধাৰণ সভা অনুষ্ঠিত কৰা হয়।

এই সভাত ৰংজালী বৈশাগু অনুষ্ঠানটি সুচাৰুৰূপে পৰিচালনা কৰাৰ উদ্দেশ্য দ্বীপেন স্বৰ্গীয়াৰীক সভাপতি আৰু ভাস্কৰ বসুমতাৰীক সম্পাদক হিচাপে লৈ মুঠ ৩৪ জনীয়া এখন বিহু পৰিচালনা সমিতিও গঠন কৰা হৈছে । 

Haoraghat