উদ্বোধনৰ পূৰ্বেই বাইহাটা চাৰিআলিৰ উৰণ সেঁতুত বৃহৎ ফাঁট...

২০২৪ ৰ শেষত সম্পূৰ্ণ হোৱা কথা আছিল এই অভাৰ ব্ৰীজখন । কিন্তু সেই সময়তে ব্ৰীজখনৰ ওপৰি ভাগত গাঁত আৰু ফাঁট মেলাত এই বছৰৰ ১৫ জুনত অভাৰ ব্ৰীজখন উদ্বোধনৰ নতুন সময় নিৰ্ধাৰণ কৰা হৈছিল।

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2025-06-18 at 4.18.42 PM

ডিজিটেল সংবাদ,কামৰূপঃ   উদ্বোধন নহওঁতেই জহি-খহি গ'ল এখন উৰণ সেঁতু। সেঁতুখনৰ ওপৰত গাঁত। যিকোনো মুহূৰ্ততে সেই উৰণ সেঁতুৰ ওপৰেৰে যান-বাহন চলাচল কৰিলে ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা আছে।

Advertisment

এই সন্দৰ্ভত অসমীয়া প্ৰতিদিন ডিজিটেলত প্ৰকাশ হৈছিল বিস্তৃত খবৰ। নিৰ্মল ইফ্ৰা নামৰ নিৰ্মাণকাৰী প্ৰতিষ্ঠানটোৱে নিৰ্মাণ কৰিছিল বাইহাটাৰ এই উৰণ সেঁতুখন। ২০২৪ ৰ জানুৱাৰীত সেই ব্ৰীজ খনৰ কিছু অংশ খহি এজন লোকেও প্ৰাণ হেৰুৱাইছিল।

২০২৪ ৰ শেষত সম্পূৰ্ণ হোৱা কথা আছিল এই অভাৰ ব্ৰীজখন। কিন্তু সেই সময়তে ব্ৰীজখনৰ ওপৰি ভাগত গাঁত আৰু ফাঁট মেলাত এই বছৰৰ ১৫ জুনত অভাৰ ব্ৰীজখন উদ্বোধনৰ নতুন সময় নিৰ্ধাৰণ কৰা হৈছিল।

সেই সময়ো পাৰ হৈ গ'ল কিন্তু এই অভাৰ ব্ৰীজৰ উদ্বোধন নহ'ল। অতি নিম্নমানৰ নিৰ্মাণ কাৰ্যৰ বাবেই এই অভাৰ ব্ৰীজখনৰ এনে অৱস্থা হোৱা বুলি খবৰ প্ৰকাশিত হোৱা পাছত অভাৰ ব্ৰীজখনৰ গুণগত মান নিৰীক্ষণ কৰিবলৈ নিৰ্দেশ দিছিল হাইৱে অথ'ৰিটি অৱ ইণ্ডিয়াই।

বাইহাটা চাৰিআলিত নতুনকৈ নিৰ্মাণ কৰা উৰণীয়া সেঁতুখন বুধবাৰে পৰিদৰ্শন কৰে কমলপুৰৰ বিধায়ক দিগন্ত কলিতা আৰু কামৰূপ জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰই। এই পৰিদৰ্শন কালত জিলা আয়ুক্ত গৰাকীয়ে জানিবলৈ দিয়া মতে, উৰণীয়া সেঁতু খনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পিচতো বহুদিন ধৰি ব্যৱহাৰ নোহোৱাৰ বাবেহে হেনো এনেদৰে দ গাঁতৰ সৃষ্টি হৈছে।

বিষয়া গৰাকীয়ে তেওঁক এই কথা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ বিষয়াই জনোৱা বুলি সংবাদ মাধ্যমৰ আগত কয়। তাৰোপৰি বিধায়ক আৰু আয়ুক্ত গৰাকীয়ে নগাঁও আৰু টেঙাবাৰী গাঁৱৰ কৃত্ৰিম বানপানীও পৰিদৰ্শন কৰে।

উৰণীয়া সেঁতু খনৰ নিৰ্মানৰ সময়ত দুয়োকাষে নিৰ্মাণ কৰা নলা-নৰ্দমাৰ নিৰ্মাণ কাৰ্যৰ বিসংগতিৰ বাবে দুয়োখন গাঁও কৃত্ৰিম বানৰ কবলত পৰা বুলি ৰাইজে কৰি অহা অভিযোগৰ ভিত্তিতে আজি বিষয়া গৰাকীয়ে উক্ত স্থান পৰিদৰ্শন কৰে। অতি শীঘ্ৰে ইয়াৰ ব্যৱস্থা গ্ৰহণ কৰাৰ কথাও উল্লেখ কৰিছে বিধায়ক দিগন্ত কলিতা আৰু কামৰূপ জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰই।

বাইহাটা চাৰিআলি উৰণ সেতু