ইংলেণ্ডত বেটিং ধুমুহা আনিলে বৈভৱ সূৰ্যবংশীয়ে...

ইংলেণ্ডৰ বিৰুদ্ধে প্ৰথমখন এদিনীয়াত ধুমুহাৰ সৃষ্টি কৰিলে বৈভৱ সূৰ্যবংশীয়ে। আই পি এলৰ দৰেই ইংলেণ্ডতো একেই শৈলীৰেই বেটিং কৰি ভাৰতীয় দলটোক সহজ বিজয় সোৱাদ দিলে তেওঁ।

author-image
Asomiya Pratidin
New Update
ইংলেণ্ডত বেটিং ধুমুহা আনিলে বৈভৱ সূৰ্যবংশীয়ে...

ডিজিটেল ডেস্কঃ ইংলেণ্ডৰ বিৰুদ্ধে প্ৰথমখন এদিনীয়াত ধুমুহাৰ সৃষ্টি কৰিলে বৈভৱ সূৰ্যবংশীয়ে। আই পি এলত যি আক্ৰমণাত্মক শৈলীৰে বেটিং কৰি বৈভৱে বিশ্বৰ ক্ৰিকেট প্ৰেমিৰ মন জয় কৰিছিল ঠিক সেইদৰেই ইংলেণ্ডতো একেই শৈলীৰেই বেটিং কৰি ভাৰতীয় দলটোক সহজ বিজয় সোৱাদ দিলে তেওঁ।

Advertisment

ইংলেণ্ডৰ ১৯ অনুৰ্ধ্বৰ দৱলটোৰ বিৰুদ্ধে প্ৰথমখন এদিনীয়াত ভাৰতীয় দলটোৱে মাত্ৰ ২৪ অভাৰতে নিৰ্ধাৰিত লক্ষ্যত উপনীত হৈছে বিজয় সাব্যস্ত কৰে। মেচখনত প্ৰথমে বেটিং কৰি ইংলেণ্ডে ১৭৫ ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিয়ে। 

সেই লক্ষ্য আগত লৈ অধিনায়ক আয়ুষ মাত্ৰে আৰু বৈভৱ সূৰ্যবংশীয়ে এফালৰ পৰা প্ৰহাৰ কৰিবলৈ আৰম্ভ কৰে। ফলত ৭ অভাৰতে ভাৰতে ৭০ ৰাণ সংগ্ৰহ কৰে। ১৮ নম্বৰ জাৰ্ছি পৰিধান কৰি বৈভৱে মাত্ৰ ১৮ টা বলত কৰে ৪৮ ৰাণ।

তেওঁৰ বেটৰ পৰা আহে ৫ টা ছয় আৰু ৩ টা চাৰি। আনহাতে আয়ুষে কৰে ৩০ বলত ২১ ৰাণ। ইফালে বলিঙতো বৈভৱে দেখুৱালে তেওঁৰ যাদু। উইকেট নাপালেও এটা অভাৰ বলিং কৰি তেওঁ ব্যয় কৰে মাত্ৰ দুই ৰাণ। 

 

ক্ৰিকেট