উৰিয়াগাঁৱত ব'হাগী উৎসৱৰ আয়োজন

কাৰ্যসূচী অনুসৰি সেইদিনা পুৱা মাৰাথান দৌৰ প্ৰতিযোগিতাৰ অন্তত উৰিয়াগাঁও আঞ্চলিক উন্নয়ন সমিতি, বিহুৰ পতাকা উত্তোলন কৰিব ক্রমে উন্নয়ন সমিতিৰ সভাপতি প্ৰাগজ্যোতিষ বনিয়া আৰু উৰিয়াগাঁও আঞ্চলিক যুৱক বৃন্দৰ সভাপতি বিকি হাজৰিকাই ।

author-image
Asomiya Pratidin
New Update
উৰিয়াগাঁৱত বহাগী উৎসৱৰ আয়োজন

উৰিয়াগাঁৱত বহাগী উৎসৱৰ আয়োজন

ডিজিটেল সংবাদ, উৰিয়াগাঁও : নগাঁও জিলাৰ উৰিয়াগাঁও আঞ্চলিক উন্নয়ন সমিতিৰ উদ্যোগত উৰিয়াগাঁও ক্ষুদ্ৰ ব্যৱসায়ী সন্থা আৰু উৰিয়াগাঁও আঞ্চলিক যুৱক বৃন্দৰ সহযোগত অহা ৮ মে'ত উৰিয়াগাঁও খেলপথাৰত বহাগী উৎসৱৰ আয়োজন কৰা হৈছে । কাৰ্যসূচী অনুসৰি সেইদিনা পুৱা মাৰাথান দৌৰ প্ৰতিযোগিতাৰ অন্তত উৰিয়াগাঁও আঞ্চলিক উন্নয়ন সমিতি, বিহুৰ পতাকা উত্তোলন কৰিব ক্রমে উন্নয়ন সমিতিৰ সভাপতি প্ৰাগজ্যোতিষ বনিয়া আৰু উৰিয়াগাঁও আঞ্চলিক যুৱক বৃন্দৰ সভাপতি বিকি হাজৰিকাই ।

ইয়াৰ পিছতে শ্বহীদ তৰ্পণ,স্মৃতি তৰ্পণ,বিভিন্ন পৰম্পৰাগত খেল ধেমালি প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। একেদৰে চিত্ৰাংকণ প্ৰতিযোগিতা, বিয়লি ভেশচন প্ৰতিযোগিতা, একক বিহুনাচ প্ৰতিযোগিতা অনুষ্ঠিত হ'ব।

নিশা বঁটা বিতৰণী অনুষ্ঠানৰ পিছতেই "বসন্তৰ এনিশা" শীৰ্ষক সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব। উৰিয়াগাঁও আঞ্চলিক উন্নয়ন সমিতিৰ বিহু হুঁচৰি দলেৰে শুভাৰম্ভ হ'ব লগা সাংস্কৃতিক অনুষ্ঠানটো উদ্বোধন কৰিব বিধায়ক ৰূপক শৰ্মাই।

অনুষ্ঠানত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকিব বিশিষ্ট সমাজসেৱক সুৰেশ বৰা। উক্ত সাংস্কৃতিক সন্ধিয়াত সঙ্গীত পৰিবেশন কৰিব কণ্ঠশিল্পী শুকমনি দেউৰী আৰু কশ্মীতা দেৱীয়ে।

uriyagaon bihu uriyagaon