বাঘজান কাণ্ডৰ ক্ষতিগ্ৰস্তই আজিও নাপালে উচিত ক্ষতিপূৰণঃ শীঘ্ৰে ক্ষতিপূৰণ বিচাৰি প্ৰতিবাদ...

তিনিচুকীয়া জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত দুঘণ্টীয়া অৱস্থান ধৰ্মঘট

author-image
Asomiya Pratidin
New Update
বাঘজান কাণ্ডৰ ক্ষতিগ্ৰস্তই আজিও নাপালে উচিত ক্ষতিপূৰণঃ শীঘ্ৰে ক্ষতিপূৰণ বিচাৰি  প্ৰতিবাদ...

tinsukia protest

ডিজিটেল সংবাদ তিনিচুকীয়াঃ বাঘজান কাণ্ডৰ ক্ষতিগ্ৰস্তই আজিও উচিত ক্ষতিপূৰণৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ তুলি আজি বাঘজান গাঁও মিলন জ্যোতি যুৱক সংঘই বাঘজান কাণ্ডত ক্ষতিগ্ৰস্তক যথোপযুক্ত ক্ষতিপূৰণ প্ৰদান কৰাৰ দাবীত তিনিচুকীয়া জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে । আজিৰ প্ৰতিবাদৰ জৰিয়তে দাবী কৰা হয় যে, বিগত ২০২০ বৰ্ষৰ ২৭ মে'ত বাঘজান বি জি আৰ-৫ তৈলখাদত সংঘটিত বিস্ফোৰণৰ ফলত এটা বৃহৎ অঞ্চলৰ প্ৰাকৃতিক পৰিৱেশ বিনষ্ট হোৱাৰ লগতে বাঘজানবাসীৰ যথেষ্ট ক্ষতি হয় ।

Advertisment

পৰৱৰ্তী সময়ত বাঘজান গাঁও মিলনজ্যোতি যুৱ সংঘৰ লগত হোৱা ত্ৰিপাক্ষিক বৈঠকৰ সিদ্ধান্ত অনুসৰি বাঘজান-কলিয়াপানীৰ ক্ষতিগ্ৰস্ত পৰিয়ালক দুটা শ্ৰেণীত বিভক্ত কৰি প্ৰথম শ্ৰেণীক ২৫ লাখ আৰু দ্বিতীয় শ্ৰেণীক ২০ লাখ টকা ক্ষতিপূৰণ প্ৰদান কৰিবলৈ জিলা উপায়ুক্ত আৰু ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণে অনুমোদন জনাইছিল। কিন্তু অইল ইণ্ডিয়াই প্ৰথম শ্ৰেণী ক্ষতিগ্ৰস্তক ১৫ লাখ আৰু দ্বিতীয় শ্ৰেণীক ১০ লাখকৈহে ক্ষতিপূৰণ আগবঢ়ায় ।

এনে প্ৰেক্ষাপটত বাঘজানবাসীয়ে উচিত ন্যায় বিচাৰি মহামান্য উচ্চতম ন্যায়ালয়ৰ কাষ চাপিবলৈ বাধ্য হয় আৰু শেহতীয়াকৈ ১ ছেপ্টেম্বৰ তাৰিখে দিয়া এক অন্তৱৰ্তীকালীন ৰায়ত বাঘজান গাঁৱৰ ক্ষতিগ্ৰস্ত পৰিয়ালে ক্ষতিপূৰণ লাভ কৰাৰ ক্ষেত্ৰত আইনীভাৱে কোনো বাধা নাই বুলি ন্যায়ালয়ে ৰায় প্ৰদান কৰে। তেনেস্থলত ক্ষতিগ্ৰস্ত বাঘজানবাসীক ত্ৰিপাক্ষিক বৈঠকত হোৱা সিদ্ধান্ত আৰু পৰৱৰ্তী ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণে অনুমোদন জনোৱা প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ ক্ষতিগ্ৰস্ত পৰিয়ালক দিবলৈ বাকী থকা ক্ষতিপূৰণৰ মূল্য ১০ লাখ টকা তাৎক্ষণিকভাৱে মুকলি কৰি দি ক্ষতিগ্ৰস্ত পৰিয়ালক সাময়িক সকাহ প্ৰদান কৰিবলৈ বাঘজান মিলন জ্যোতি যুৱক সংঘই আজিৰ প্ৰতিবাদৰ যোগেদি দাবী জনায় ।

অন্যথাই তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে। অন্যহাতে বাঘজান বি জি আৰ-৫ তৈলখাদৰ পৰা প্ৰায় ২০০ মিটাৰ দূৰত্বত অৱস্থিত দেশী-বিদেশী পৰিভ্ৰমী পক্ষীৰ উদ্যান মাগুৰি বিলত অইল ইণ্ডিয়া লিমিটেডৰ তৈল খনন আৰু উৎপাদন বন্ধ কৰিবলৈও প্ৰতিবাদৰ জৰিয়তে দাবী উত্থাপন কৰা হয় ।

baghjan protest tinsukia