ডিজিটেল সংবাদ, ঢকুৱাখনা : ঢকুৱাখনা সমজিলাৰ বৃহত্তৰ সোণাৰী চাপৰি-কেঁকুৰী অঞ্চলৰ প্ৰয়াত সমাজহিতৈষী বগাৰাম খনিকৰ স্মাৰক মেধাৱী বঁটা ২০২৪ প্ৰদান অনুষ্ঠান বুধবাৰে অনুষ্ঠিত কৰা হয় । কেঁকুৰী উচ্চ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত বাৰ্ষিক ক্ৰীড়া সমাৰোহৰ সতে সংগতি ৰাখি এই বঁটা প্ৰদান কৰা হয়।
উল্লেখযোগ্য যে বিদ্যালয়খনৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ অৱতীৰ্ণ হৈ সৰ্বোচ্চ নম্বৰ অর্জন কৰা মেধাৱী ছাত্ৰ হৰিদেৱ শইকীয়াক এক বৰ্ণাঢ্য অনুষ্ঠানত এই স্মাৰক বঁটা প্ৰদান কৰা হয় । অৱসৰী শিক্ষাবিদ গোবিন্দ চুতীয়াৰ সভাপতিত্বত অনুষ্ঠিত সভাত সমাজপ্ৰাণ প্ৰয়াত বগাৰাম খনিকৰৰ পুত্ৰ তথা ধেমাজিৰ বৰবাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জ্যেষ্ঠ বিষয় শিক্ষক দেৱ খনিকৰে মেধাৱী শিক্ষাৰ্থী হৰিদেৱ শইকীয়াক শিক্ষানুৰাগী অতিথিসকলৰ উপস্থিতিত এই বঁটাটি প্ৰদান কৰে ।
শিক্ষক জীৱন বৰুৱাই শুভ উদ্বোধন কৰা এই বঁটা প্ৰদান অনুষ্ঠানত বঁটাৰ দাঁতা দেৱ খনিকৰে বঁটাপ্ৰাপক শইকীয়াক গামোচা, মানপত্ৰ, স্মাৰক বঁটা, গ্ৰন্থ সম্ভাৰ আৰু নগদ ৫ হাজাৰ টকা আগবঢ়াই শৈক্ষিক ভৱিষ্যত সমুজ্জল হোৱাৰ কামনা কৰে । ডাংধৰা মহাবিদ্যালয়ৰ অধ্যক্ষ দিব্য খনিকৰ, উজনি মাজুলী খেৰকটীয়া মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ প্ৰবক্তা অজিত খনিকৰ, বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধানশিক্ষক ৰাম প্ৰসাদ চুতীয়া , সমাজ সেৱক সোনেপুৰ চুতীয়া, বিদ্যালয়ৰ প্ৰধানশিক্ষক ভুৱন খনিকৰ, কবি জয়চন্দ্ৰ হাজৰিকা ,বিদ্যালয়খনৰ সমূহ শিক্ষক-কৰ্মচাৰী ,শিক্ষাৰ্থী ,বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ বিষয়ববীয়াসকলৰ লগতে শিক্ষাব্ৰতী ৰাইজ বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকি মেধাৱী শিক্ষাৰ্থীগৰাকীক উৎসাহিত কৰে ।
প্ৰয়াত সমাজপ্ৰাণ পিতৃৰ সশ্ৰদ্ধ স্মৃতিত চলিত বৰ্ষৰ পৰা এই মেধাবী বঁটা প্ৰতি বছৰে নিয়মীয়াকৈ আমৃত্যু প্ৰদান কৰি অহাৰ কথা ৰাজহুৱাভাৱে ঘোষণা কৰে বঁটাৰ দাঁতা দেৱ খনিকৰে। তেওঁ গ্ৰামাঞ্চলীয় মেধাৱী শিক্ষাৰ্থীসকলক উৎকৃষ্ট মানৱ সম্পদ হিচাপে গঢ়ি তোলাৰ বাবে অনুপ্ৰাণিত আৰু উৎসাহিত কৰাৰ লক্ষ্যৰে এই বঁটা প্ৰদান কৰাৰ মনোভাব ব্যক্ত কৰে। লগতে এইক্ষেত্ৰত বিদ্যালয়ৰ শিক্ষাৰ্থীসকলক একাগ্ৰতাৰে অধ্যয়নত ব্ৰতী হোৱাৰ আহ্বান জনায় ।
কেঁকুৰীত জন্মগ্ৰহণ কৰি সম্প্ৰতি ধেমাজি জিলাৰ স্থায়ী বাসিন্দা হোৱা শিক্ষাবিদ দেৱ খনিকৰৰ এই শৈক্ষিক দায়বদ্ধতাক উপস্থিত অভ্যাগতসকলে একেমুখে প্ৰশংসা কৰে ।