Advertisment

চীন, পাকিস্তানৰ বুকুত কপঁনিঃ ভাৰতে নিজেই নিৰ্মাণ কৰিলে শক্তিশালী মিছাইল টেংক...

শত্ৰু ৰাষ্ট্ৰৰ বুকুত কঁপনি তুলি প্ৰতিৰক্ষা ক্ষেত্ৰত আৰু অধিক শক্তিশালী হ'ল ভাৰত।  শেহতীয়াকৈ নিজে নিৰ্মাণ এন্টি টেংক গাইডেড মিছাইল নাগ এম কে- ২ৰ সফল পৰীক্ষণৰ পাছত ভাৰত এতিয়া প্ৰতিৰক্ষা দিশত আৰু এখোজ আগুৱালে।

author-image
Asomiya Pratidin
New Update
ভাৰতৰ মিছাইল

Photograph: (অসমীয়া প্ৰতিদিন)

ডিজিটেল ডেস্কঃ শত্ৰু ৰাষ্ট্ৰৰ বুকুত কঁপনি তুলি প্ৰতিৰক্ষা ক্ষেত্ৰত আৰু অধিক শক্তিশালী হ'ল ভাৰত।  শেহতীয়াকৈ নিজে নিৰ্মাণ এন্টি টেংক গাইডেড মিছাইল নাগ এম কে- ২ৰ সফল পৰীক্ষণৰ পাছত ভাৰত এতিয়া প্ৰতিৰক্ষা দিশত আৰু এখোজ আগুৱালে।

Advertisment

যোৱা ১৩ফেব্ৰুৱাৰীত এই স্বদেশী এন্টি টেংক মিছাইলৰ সফল পৰীক্ষণ সম্পন্ন হয়। ৰাজস্থানৰ পোখৰানত এই মিছাইলৰ সফল পৰীক্ষণ হোৱাৰ পাছতে এতিয়া ভাৰতীয় সেনাত এই মিছাইল অন্তভূৰ্ক্তকৰণৰ বাবে আগবাঢ়িছে প্ৰতিৰক্ষা মন্ত্ৰালয়ে।

এই মিছাইল টেংকৰ সফল পৰীক্ষণৰ পাছতে ৰাজনাথ সিঙে ই দেশৰ প্ৰতিৰক্ষা ক্ষেত্ৰত অন্যতম এক সফল খোজ বুলি মন্তব্য কৰে। তিনিটা পৰ্যায়ৰ পৰীক্ষাৰ অন্তত এই মিছাইলে নিৰ্ধাৰিত লক্ষ্যত যে আক্ৰমণৰ ক্ষেত্ৰত যে অতিকৈ সক্ষম সেই কথা প্ৰমাণ হৈছে বুলি কয় প্ৰতিৰক্ষা মন্ত্ৰী সিঙে।

এই মিছাইল টেংকত অত্যাধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰা হৈছে। টাৰ্গেট লক কৰাৰ ক্ষেত্ৰত আছে এই মিছাইলত বিশেষ সুবিধা অন্তভূৰ্ক্ত কৰা হৈছে।  ৭ৰ পৰা ১০কিঃমিঃ ৰেঞ্জৰ ভিতৰত থকা লক্ষ্যত আক্ৰমণৰ ক্ষেত্ৰত কোনো অসুবিধাই এই মিছাইল টেংকক প্ৰভাৱ পেলাব নোৱাৰে। উল্লেখ কৰা প্ৰয়োজন যে, ইয়াৰ পূৰ্বে এম কে-১ মিছাইল টেংকৰ লক্ষ্যৰ পৰিধি আছিল ৪কিঃমিঃ।

এই মিছাইল ভাৰতীয় সেনা বাহিনীত অন্তভূুক্তিকৰণৰ খবৰ ওলোৱাৰ পাছতে শত্ৰু ৰাষ্ট্ৰৰ বুকুত কঁপনি উঠাতো স্বাভাৱিক। পাকিস্তানৰ ওচৰত এনে অতিপাত শক্তিশালী মিছাইল এতিয়ালৈকে নাই। এনে শক্তিশালী মিছাইলৰ বাবে এতিয়া তুৰ্কী সেনাৰ ওপৰত নিৰ্ভৰশীল পাকিস্তান।

আনহাতে মিছাইলৰ শক্তিৰ ক্ষেত্ৰত এতিয়া চীনৰ সমানেই শক্তিশালী ভাৰত। চীনৰ হাতত আছে এইচ জে-১০ নামৰ মিছাইল। এই মিছাইল ভাৰতৰত এম কে- ২ মিছাইলৰ সমানেই শক্তিশালী।  ইফালে ভাৰতে পূৰ্বে এনে শক্তিশালী মিছাইল ক্ৰয় কৰিব লগা হৈছিল অন্য দেশৰ পৰা। ২০২০ত ভাৰতে ইজৰাইলৰ পৰা ২০০টা স্পাইক মিছাইল ক্ৰয় কৰাৰ পাছতে চীনে লাডাখ সীমান্তত উত্তেজনাৰ সৃষ্টি  কৰিছিল। 

 

ভাৰত