দিল্লীত ছানৰাইজ স্পৰ্টছ ফাউণ্ডেচনৰ বেডমিন্টন টুৰ্ণামেণ্টৰ সামৰণি

AIIMS ৰ জিমখানা ক্লাবত অনুষ্ঠিত হোৱা প্ৰতিযোগিতা খনত দিল্লী NCR ত বাস কৰা বিভিন্ন বয়সৰ ১৬০ গৰাকীতকৈয়ো অধিক খেলুৱৈয়ে অংশগ্ৰহণ কৰে। দেওবাৰে অনুষ্ঠিত হোৱা ফাইনেল খেলৰ বিজয়ী সকলক ট্ৰফী আৰু নগদ ধনেৰে পুৰস্কৃত কৰা হয়।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ দিল্লীত ৬ টাকৈ শাখাত দুদিনীয়াকৈ নৰ্থ-ইষ্ট বেডমিন্টন টুৰ্ণামেণ্ট আয়োজন কৰা হৈছিল ছানৰাইজ স্পৰ্টছ ফাউণ্ডেচনৰ উদ্যোগত। নৰ্থ-ইষ্ট বেডমিণ্টন প্ৰতিযোগিতা খনৰ সামৰণি অনুষ্ঠানৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকে প্ৰাক্তন খেলুৱৈ তথা অসম বেডমিন্টন সন্থাৰ প্ৰাক্তন সভাপতি জে চি পেগু। লগতে আমন্ত্ৰিত অতিথি হিচাপে কেইবাগৰাকীও বিশিষ্ট লোক উপস্থিত থাকে।

AIIMS ৰ জিমখানা ক্লাবত অনুষ্ঠিত হোৱা প্ৰতিযোগিতা খনত দিল্লী NCR ত বাস কৰা বিভিন্ন বয়সৰ ১৬০ গৰাকীতকৈয়ো অধিক খেলুৱৈয়ে অংশগ্ৰহণ কৰে। দেওবাৰে অনুষ্ঠিত হোৱা ফাইনেল খেলৰ বিজয়ী সকলক ট্ৰফী আৰু নগদ ধনেৰে পুৰস্কৃত কৰা হয়।

বেডমিন্টন টুৰ্ণামেন্ট