/asomiyapratidin/media/media_files/2025/01/18/nxrEX5QgTGdNlxNNjjTN.jpg)
ডিজিটেল সংবাদ, বঢ়মপুৰঃ নগাঁও জিলাৰ ঐতিহ্যমণ্ডিত বঢ়মপুৰৰ হাজৰিকাচুক গাঁৱত দুদিনীয়া কাৰ্যসূচীৰে আজিৰে পৰা আৰম্ভ হৈছে বেডমিণ্টন টুৰ্নামেণ্ট ৷ শ্বহীদ লক্ষীকান্ত হাজৰিকা পুথিভঁৰাল আৰু পূবেৰুণ যুৱক সঙ্ঘৰ উদ্যোগত আয়োজিত বেডমিণ্টন টুৰ্নামেণ্টখনি শনিবাৰে শুভ উদ্বোধন কৰে বঢ়মপুৰ শ্বহীদ স্মৃতি আদৰ্শ উচ্চ মাধ্যমিক বালিকা বিদ্যালয়ৰ প্ৰধান শিক্ষক যোগব্ৰত হাজৰিকাই ৷
সদৌ অসম সুঁত সন্মিলনৰ প্ৰধান সম্পাদক তথা পূবেৰুণ যুৱক সঙ্ঘৰ উপদ্দেষ্টা দিবাকৰ বৰাই আঁত ধৰা উদ্বোধনী অনুষ্ঠানত পুৱা পতাকা উত্তোলন কৰে সঙ্ঘৰ সভাপতি শ্ৰীমন্ত মোহন হাজৰিকাই ৷ অনুষ্ঠানত ঠগি সুত ক্ৰীড়া প্ৰকল্পৰ প্ৰতিষ্ঠাপক মৃনাল বৰা, নগাঁও জিলা অন্যান্য পিচ পৰা শ্ৰেণী সন্মিলনৰ সভাপতি প্ৰমোদ কুমাৰ বৰা , নগাঁও জিলা মুক্তিযুঁজাৰু সন্মিলনৰ সম্পাদক নীলৰঞ্জন শৰ্মা, চলচলি মজলীয়া বিদ্যালয়ৰ প্ৰাক্তন প্ৰধান শিক্ষক অনন্ত গায়ন , সমাজকৰ্মী ৰাতুল বৰাকে প্ৰমুখ্য কৰি কেইবাজনো গণ্যমান্য লোক উপস্থিত থাকে ৷