লোকসভা নিৰ্বাচনঃ ৰাষ্ট্ৰীয় পৰ্যায়ত 'ৰণনীতি' অসমত 'মুখ চুপতি'...

লোকসভা নিৰ্বাচনঃ ৰাষ্ট্ৰীয় পৰ্যায়ত 'ৰণনীতি' অসমত 'মুখ চুপতি'...
লোকসভা নিৰ্বাচনঃ ৰাষ্ট্ৰীয় পৰ্যায়ত 'ৰণনীতি' অসমত 'মুখ চুপতি'...

ডিজিটেল ডেস্কঃ সন্মুখত দেশৰ অষ্টদশ লোকসভাৰ নিৰ্বাচন। ২০২৪ ত অনুষ্ঠিত হ'ব এই নিৰ্বাচন। ইতিমধ্যে অষ্টদশ লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাজনৈতিক দলসমূহৰ মাজত আৰম্ভ হৈছে নিৰ্বাচনী প্ৰস্তুতি।

বিশেষকৈ শাসনাধিস্ত বিজেপিক পৰাভূত কৰিবলৈ সকলো বিৰোধী দলেই নিজাকৈ ৰণকৌশল প্ৰস্তুত কৰিছে। কংগ্ৰেছ দলে সাংসদ ৰাহুল গান্ধীৰ নেতৃত্বত ইতিমধ্যে আৰম্ভ কৰিছে ভাৰত জোড়ো যাত্ৰা। এই ভাৰত জোড়ো যাত্ৰালৈ আন আন বিৰোধী দলেও সমৰ্থন জনাইছে।

আনহাতে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ আৰু পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ নেতৃত্বত উমৈহতীয়া মহাজোঁটবন্ধন গঠনৰ প্ৰস্তুতি আৰম্ভ হৈছে। এন চি পি নেতা শাৰদ পাৱাৰেও এই মহাজোঁটবন্ধনলৈ সমৰ্থন জনোৱা বুলি চৰ্চা চলিছে।

সময় বাগৰাৰ  লগে লগে নিশ্চিত ভাৱে আন বহু বিৰোধী দলে এই মহাজোঁট বন্ধনলৈ সমৰ্থন জনোৱাৰ সম্ভাৱনা আছে। ৰাষ্ট্ৰীয় ৰাজনীতিত চলি থকা এই মিত্ৰতাকেন্দ্ৰিক চৰ্চাৰ মাজতে অসমৰ ৰাজনীতিৰ পৰিস্থিতি এই মুহূৰ্তত কেৱল মুখ চুপতিৰ মাজতে সীমাবদ্ধ থকা পৰিলক্ষিত হৈছে।

ৰাজ্যসভাৰ নিৰ্বাচনত বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী ৰিপুণ বৰাক পৰাস্ত কৰাৰ ক্ষেত্ৰত যি বিশ্বাসঘাটকৰ ৰাজনীতিৰ সূচনা হ’ল সেই ৰাজনীতিৰ পৰা শিক্ষা লৈ কংগ্ৰেছে কোনো কাৰণতে এ আই ইউ ডি এফৰ সৈতে মিত্ৰতা নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

আনহাতে বিজেপিৰ অতি হিন্দুত্ববাদী চিন্তাৰ সৈতে যুঁজি দিবলৈ কংগ্ৰেছৰ বিৰুদ্ধে পূৰ্বৰে পৰা থকা মুছলিম তুষ্টিকৰণৰ অভিযোগৰ পৰা মুক্ত হবলৈও এ আই ইউ ডি এফৰ দৰে সাম্প্ৰদায়িক দলৰ পৰা সুবিধাজনক স্থানত থাকিব বিচাৰিছে কংগ্ৰেছ। সেয়ে কংগ্ৰেছ সভাপতি ভূপেন বৰাই এ আই ইউ ডি এফে বাৰে বাৰে মিত্ৰতাৰ কথা কৈ অহাৰ পিছতো দলটোৰ নেতৃত্বক সমালোচনা কৰি মিত্ৰতাৰ প্ৰস্তাব নাকচ কৰিছে।

কংগ্ৰেছৰ ৰাজ্যিক নেতৃত্বই ভূপেন বৰাৰ এই সিদ্ধান্তক সমৰ্থন জনাইছে। এ আই ইউ ডি এফক কোনো কাৰণতে বিশ্বাসত নলয় কংগ্ৰেছে। দলটোৱে বিজেপিৰ হৈ কাম কৰি থকাৰ অভিযোগ তুলিছে কংগ্ৰেছে। 

আনহাতে এ আই ইউ ডি এফে আকৌ কংগ্ৰেছেহে বিজেপিৰ হৈ কাম কৰি থকাৰ অভিযোগ উত্থাপন কৰিছে। এনে অভিযোগ, প্ৰতি অভিযোগৰ মাজতে এ আই ইউ ডি এফৰ মূৰব্বী বদৰুদ্দিন আজমলে স্পষ্ট কৰিছে তেওঁৰ দলে নীতিশ কুমাৰ, মমতা বেনাৰ্জীৰ নেতৃত্বত গঠন হবলগীয়া মহাজোঁট বন্ধনত চামিল হোৱাটো নিশ্চিত।

তেওঁ বিজেপিক পৰাস্ত কৰাৰ স্বাৰ্থতে বিজেপি বিৰোধী শক্তি একত্ৰিত হব লাগে বুলি মন্তব্য কৰিছে। কংগ্ৰেছকো এই মহাজোঁটবন্ধনলৈ আহিবলৈ অনুৰোধ কৰিছে আজমলে। প্ৰসংগ ক্ৰমে আজমলে ভূপেন বৰাক কটাক্ষ কৰি কয়, মোক গালি পাৰিলেই যদি কংগ্ৰেছৰ শক্তি বাঢ়ে তেনে মোক আৰু বেছিকৈ গালি পাৰক ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in