Advertisment

বাংলাদেশত হিন্দুৰ ওপৰত নিৰ্যাতন বন্ধ কৰাৰ দাবী বদৰুদ্দিন আজমলৰ

প্ৰয়োজন হ'লে হিন্দুৰ ওপৰত নিৰ্যাতন বন্ধ কৰাৰ দাবীত শান্তিৰ বাৰ্তা লৈ বাংলাদেশলৈ যাবলৈও প্ৰস্তুত আছে বুলি কয় বদৰুদ্দিন আজমলে

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল সংবাদ,ধুবুৰীঃ ধুবুৰী লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ তথা এআইইউডিএফ দলৰ মুৰব্বী বদৰুদ্দিন আজমলে বুধবাৰে ধুবুৰীত বিশেষভাৱে সক্ষম লোকক ই-ৰিক্সা বিতৰণ কৰে। মুঠ ১০০ জন শাৰিৰীকভাৱে বাধাগ্ৰস্থ লোকক একোখনকৈ ই-ৰিক্সা বিতৰণ কৰে প্ৰাক্তন সাংসদ গৰাকীয়ে। 

Advertisment

ধুবুৰীৰ ঝগৰাৰপাৰ ষ্টেডিয়ামত হোজাইস্থিত মাৰ্কাজুল মা আৰিফৰ উদ্যোগত ই-ৰিক্সা বিতৰণ অনুষ্ঠানৰ আয়োজন কৰা হয়। উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি ধুবুৰীৰ প্ৰাক্তন সাংসদ তথা এআইইউডিএফ দলৰ মূৰব্বী বদৰুদ্দিন আজমলে  ই-ৰিক্সা সমুহ বিতৰণ কৰি সাংবাদিকৰ আগত কেইবাটাও বিষ্ফোৰক মন্তব্য কৰে ।

বদৰুদ্দিন আজমলে এক দেশ এক নিৰ্বাচন নীতিৰ বিৰোধিতা কৰে । এআইইউডিএফে এক দেশ এক নিৰ্বাচন নীতিৰ বিৰোধিতা কৰিছে আৰু ভৱিষ্যতেও কৰি থাকিব বুলি কয়।

ইপিনে বাংলাদেশত হিন্দু ধৰ্মাৱলম্বী লোকৰ ওপৰত অত্যাচাৰ বন্ধ হ'ব লাগে বুলি মত পোষণ কৰি প্ৰাক্তন সাংসদ গৰাকীয়ে কয় যে, বাংলাদেশত হিন্দুৰ ওপৰত নিৰ্যাতন বন্ধ কৰাৰ দাবীত তেঁও ভাৰতৰ প্ৰধানমন্ত্ৰী, বৈদেশিক মন্ত্ৰালয়ৰ ওচৰত পত্ৰ প্ৰেৰণ কৰি ইয়াৰ হস্তক্ষেপ কৰাৰ বাবে আহ্বান জনাইছে। প্ৰয়োজন হ'লে হিন্দুৰ ওপৰত নিৰ্যাতন বন্ধ কৰাৰ দাবীত শান্তিৰ বাৰ্তা লৈ বাংলাদেশলৈ যাবলৈও প্ৰস্তুত আছে বুলি কয় বদৰুদ্দিন আজমলে। বাংলাদেশৰ যি সকল অত্যাচাৰী মুছলমান আছে তেঁওলোকক লাজ দিবলৈহে তেঁও প্ৰয়োজনত বাংলাদেশলৈ যাব বুলি কয়। 

বদৰুদ্দিন আজমল