ৰুচ, চীন, জাপানতকৈ পিছপৰা ভাৰতৰ শিক্ষাৰ্থী

ৰুচ, চীন, জাপানতকৈ পিছপৰা ভাৰতৰ শিক্ষাৰ্থী

author-image
asomiyapratidin
New Update
ৰুচ, চীন, জাপানতকৈ পিছপৰা ভাৰতৰ শিক্ষাৰ্থী

ডিজিটেল ডেস্কঃ ভাৰতবৰ্ষৰ প্ৰচলিত শিক্ষাব্যৱস্থাই শিক্ষাৰ্থীৰ প্ৰকৃত জ্ঞান বৃদ্ধি কৰাৰ পৰিৰ্ৱতে ডিগ্ৰীৰ ওপৰতহে অধিক গুৰুত্ব প্ৰদান কৰে। দেশৰ শিক্ষাব্যৱস্থাই নতুনত্ব আকোৱালি নোলোৱাৰ ফলতে মহাবিদ্যালয়, বিশ্ববিদ্যালয় পৰ্যায়ত বহু শিক্ষাৰ্থীয়ে সঠিক পথৰ সন্ধান নাপায়। এই কথা প্ৰকাশ কৰিছে অখিল ভাৰতীয় প্ৰযুক্তি শিক্ষা পৰিষদৰ উপাচাৰ্য ডা° এম পি পুনিয়াই।

Advertisment

তেওঁ কয়, মানৱ সম্পদ বিকাশ মন্ত্ৰনালয় আৰু ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ে চলোৱা এক সমীক্ষাত ওলাইছে যে ৰুচ, জাপান আৰু চীন দেশত প্ৰচলিত পাঠ্যক্ৰম ভাৰতীয় পাঠ্যক্ৰমতকৈ যথেষ্ট উন্নত আৰু সেই বাবেই সামগ্ৰিক দিশত এই দেশৰ শিক্ষাৰ্থীসকলৰ জ্ঞানৰ পৰিমান ভাৰতবৰ্ষৰ শিক্ষাৰ্থীতকৈ অধিক। এই সমস্যা নিৰ্মূল নহ'লে অনাগত দিনত ভাৰতবৰ্ষই মানৱসম্পদ উৎপাদন কৰাত ব্যৰ্থ হ'ব বুলি সমীক্ষাত প্ৰকাশ পাইছে।