/asomiyapratidin/media/media_files/2025/06/26/fsdsd-2025-06-26-23-23-37.jpg)
ডিজিটেল ডেস্ক: বুলগেৰিয়াৰ প্ৰখ্যাত ভৱিষ্যৎ দ্ৰষ্টা বাবা ভাংগা পুনৰ এবাৰ চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। তেওঁৰ ২০২৫ বৰ্ষৰ বাবে কৰা এক বিশেষ ভৱিষ্যদ্বাণীৰ বাবে ৫ জুলাইৰ দিনটোলৈ বিশ্বজুৰি উৎকণ্ঠা বৃদ্ধি পাইছে।
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী অনুসৰি, এই দিনটোত ফিলিপাইনছ আৰু জাপানৰ মাজৰ সাগৰীয় অঞ্চলত সাগৰৰ তলত এটা ডাঙৰ ফাট সৃষ্টি হোৱাৰ সম্ভাৱনা আছে। এই ঘটনাৰ ফলস্বৰূপ বৃহৎ ভূমিকম্প আৰু প্ৰচণ্ড ছুনামী হোৱাৰ আশংকা প্ৰকাশ কৰিছে। বাবাই উল্লেখ কৰিছিল যে, সম্ভাৱ্য ছুনামী ২০১১ চনৰ বিধ্বংসী জাপানী ছুনামীতকৈ অধিক ভয়ংকৰ হ’ব পাৰে।
এই ভৱিষ্যদ্বাণীৰ প্ৰভাৱ এতিয়া বাস্তৱিক ৰূপত দৃশ্যমান হৈছে। হংকং এয়াৰলাইন্সে ২০২৫ চনৰ জুলাই আৰু আগষ্ট মাহৰ বাবে দক্ষিণ জাপানৰ কাগোছিমা আৰু কুমামোটো অভিমুখী বিমান সেৱা সাময়িকভাৱে স্থগিত ৰাখিছে। ফলস্বৰূপে, এই পথত বিমানৰ বুকিং প্ৰায় ৮৩% পৰ্যন্ত হ্ৰাস হোৱা দেখা দিছে। যাৰ প্ৰভাৱ পৰ্যটন, ব্যৱসায়িক যাত্ৰা আৰু আঞ্চলিক বাণিজ্যিক সংযোগত পৰিছে। পৰ্যটন সংস্থাসমূহেও ইতিমধ্যে যাত্ৰীৰ সুৰক্ষা আৰু বিকল্প গন্তব্যৰ সন্দৰ্ভত গুৰুত্ব আৰোপ কৰিছে।
যদিও বৈজ্ঞানিকভাৱে এই ধৰণৰ ভৱিষ্যদ্বাণী নিশ্চিত কৰা সম্ভৱ নহয়, তথাপি বহু দেশ আৰু যাত্ৰী সতৰ্কতাৰ অৱস্থান গ্ৰহণ কৰিছে। যাত্ৰাৰ আগত সুৰক্ষা পৰ্যবেক্ষণ আৰু তথ্য পৰ্যালোচনাৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হৈছে।
উল্লেখযোগ্য যে, বাবা ভাংগাই অতীতত কৰা বহু ভৱিষ্যদ্বাণী আংশিকভাৱে বা সম্পূৰ্ণৰূপে সত্য হৈ পৰাৰ দাবী বহুসময়ত আগবঢ়োৱা হৈছে। ফলত, তেওঁৰ যিকোনো মন্তব্য বা ভৱিষ্যদ্বাণীক বিশ্বজুৰি গভীৰভাৱে গুৰুত্ব দিয়া হয়। বিশেষজ্ঞসকলে যদিও আতংক সৃষ্টি নকৰিবলৈ আহ্বান জনাইছে, তথাপিও ৫ জুলাইৰ বাবে আঞ্চলিক সতৰ্কতা আৰু প্রস্তুতি গ্ৰহণ কৰাৰ পৰামৰ্শ দিছে।