/asomiyapratidin/media/media_files/2025/11/23/298-2025-11-23-21-51-20.jpg)
ডিজিটেল ডেস্ক : দেওবাৰে বিয়লিৰভাগত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত ৰাজ্যিক কেবিনেটৰ বৈঠক অনুষ্ঠিত হয়। জনতা ভৱনত অনুষ্ঠিত হোৱা এই বৈঠকত অনাগত দিনৰ সৰ্বাংগীন উন্নয়নৰ বাবে কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰা হয়। আনহাতে বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী ড০ শৰ্মাই সংবাদমেল সম্বোধন কৰি আজিৰ কেবিনেটত লোৱা সিদ্ধান্তসমূহৰ বিষয়ে অৱগত কৰে।
আজিৰ এই ৰাজ্যিক কেবিনেটত লোৱা গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ হৈছে :
- ব্যক্তিগত বিদ্যালয়ৰ মাচুল নিয়ন্ত্রণৰ ক্ষেত্রত বিশেষ সিদ্ধান্ত।
- ব্যক্তিগত বিদ্যালয়ৰ মাচুল নিৰ্ধাৰণৰ বাবে প্রণয়ন কৰা হ’ব নতুন আইন।
- সংখ্যালঘু লোকৰ দ্বাৰা পৰিচালিত বিদ্যালয় এই আইনৰ আওতাললৈ আহিব।
- পূৰ্বে চৰকাৰে নিৰূপণ কৰা নাছিল সংখ্যালঘুৰ ব্যক্তিগত বিদ্যালয়ৰ মাচুল।
- প্রাদেশিকৃত বিদ্যালয়-মহাবিদ্যালয়ৰ কৰ্মচাৰীৰ বাবে বিশেষ সিদ্ধান্ত।
- ৩য় আৰু ৪ৰ্থ বৰ্গৰ কৰ্মচাৰীৰ প্রতি বছৰে ৬কৈ বৃদ্ধিৰ সিদ্ধান্ত।
- জনগাঁথনিৰ পৰিৱৰ্তন হোৱা অঞ্চলৰ শিক্ষকৰ বদলিকৰণক লৈ নতুন নিয়ম।
- সেই অঞ্চলসমূহত ৫বছৰ কাম কৰিলে মহিলা শিক্ষকে কৰিব পাৰিব বদলিৰ আবেদন।
- পূৰ্বে ১২ বছৰ কাল শিক্ষকতা কৰিলেহে বদলিৰ আবেদন কৰিব পাৰিছিল।
- পুৰুষ শিক্ষকে ৭ বছৰৰ পিছত বদলিৰ আবেদন কৰিব পাৰিব।
- আইন সংশোধনীৰ বাবে অনুমোদন জনাইছে কেবিনেটে।
- বিদ্যালয় প্রাদেশিকীকৰণ আইন সংশোধনত অনুমোদন কেবিনেটৰ।
- আইন সংশোধনীৰ পাছতে ১৫খন কলেজ নতুনকৈ প্রাদেশিকৃত হ’ব।
- কেইবা হাজাৰ নতুন বিদ্যালয় প্রাদেশিকৃত হ’ব বুলি মন্তব্য মুখ্যমন্ত্রীৰ।
- NERIMক ব্যক্তি বিশ্ববিদ্যালয় ৰূপে প্রতিষ্ঠানত অনুমোদন।
- পলাশবাৰীত স্থাপন হ’ব আজিম প্রেমজী বিশ্ববিদ্যালয়।
- ১০ হাজাৰ শিক্ষাৰ্থীক আজিম প্রেমজী ফাউণ্ডেশ্যনে শিক্ষাদান কৰিব।
- চাহ শ্রমিকসকলক ভূমি আবণ্টনৰ বাবে বিশেষ পদক্ষেপ ৰাজ্য চৰকাৰৰ।
- বাগানৰ লাইনৰ মাটি চৰকাৰীকৰণ কৰি আবণ্টন দিয়া হ’ব শ্রমিকক।
- ২ লাখ ১৮ হাজাৰ ৫৫৩ বিঘা ভূমি আবণ্টন দিয়াৰ লক্ষ্য চৰকাৰৰ।
- ৩ লাখ ৩৩ হাজাৰ ৪৮৬টা পৰিয়ালক দিয়া হ’ব ভূমি।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us