Advertisment

কাজাখাস্তানত আজাৰবাইজান এয়াৰলাইন্সৰ বিমান দুৰ্ঘটনাগ্ৰস্ত...

দ্ৰুতগতিত আহি থকা বিমানখন ক্ৰমাৎ সোঁফালে হাউলি যায়। অৱতৰণ কৰা লগে লগে অগ্নিদগ্ধ হৈ বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয়। বিমানবন্দৰৰ সমীপতে সংঘটিত হয় এই দুৰ্ঘটনাটো

author-image
Asomiya Pratidin
New Update
E

ডিজিটেল ডেস্কঃ কাজাখস্তানৰ আক্টাও চহৰৰ সমীপত আজাৰবাইজান এয়াৰলাইন্সৰ এখন যাত্ৰীবাহী বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ জুইত জাহ যায়। দেশখনৰ জৰুৰীকালীন মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, আজাৰবাইজানৰ ৰাজধানী বাকুৰ পৰা ৰাছিয়াৰ চেচেনিয়াৰ গ্ৰজনীলৈ গৈ আছিল যদিও গ্ৰজনিত কুঁৱলীৰ বাবে ইয়াৰ পথ সলনি কৰা হয়।

Advertisment

বিমানখনত আছিল ৫ জন ক্ৰু মেম্বাৰৰ সৈতে ৬২জন যাত্ৰী। দুৰ্ঘটনাটোৰ পৰা ৰক্ষা পৰে ১৪জন লোক আৰু তেওঁলোকক চিকিৎসালয়লৈ লৈ যোৱা হৈছে, ত পাঁচজনক ইনটেনচিভ কেয়াৰত ৰাখিছে।

এটা ভিডিঅত দেখা গৈছে যে দ্ৰুতগতিত আহি থকা বিমানখন ক্ৰমাৎ সোঁফালে হাউলি যায় আৰু অৱতৰণ কৰা লগে লগে অগ্নিদগ্ধ হয়। বিমানবন্দৰৰ সমীপতে সংঘটিত হয় এই দুৰ্ঘটনা। 

খবৰ অনুসৰি বিমানখনে কেইবাটাও কেন্দ্ৰ লৈ জৰুৰীকালীন অৱতৰণৰ অনুৰোধ কৰিছিল যদিও বিমানখন স্থবিৰ হৈ দুৰ্ঘটনাগ্ৰস্ত হয়।

আজাৰবাইজান এয়াৰলাইন্সৰ দ্বাৰা পৰিচালিত এম্ব্ৰায়াৰ ১৯০ বিমানখনে বাকু-গ্ৰজনী পথত আকটাউ চহৰৰ ওচৰত প্ৰায় ৩ কিলোমিটাৰ দূৰত্বত জৰুৰীকালীন অৱতৰণ কৰে।

 

বিমান দুৰ্ঘটনা