Advertisment

সাজু আজাদ মৈদান : কাইলৈ শপত ল’ব মহাৰাষ্ট্ৰৰ নতুন মুখ্যমন্ত্ৰীয়ে

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী কোন হ’ব তাকলৈ চলা চৰ্চাৰ অন্ত পৰাৰ দিশত। বুধবাৰে নৱনিৰ্বাচিত এন ডি এৰ বিধায়কসকলৰ বিধায়িনী দলৰ বৈঠকত দেৱেন্দ্ৰ ফাড়নবিজৰ নাম মুখ্যমন্ত্ৰীৰূপে আনুষ্ঠানিকভাৱে ঘোষণা কৰিব

author-image
Asomiya Pratidin
New Update
new cm in maharashtra

ডিজিটেল ডেস্ক : মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী কোন হ’ব তাকলৈ চলা চৰ্চাৰ অন্ত পৰাৰ দিশত। বুধবাৰে নৱনিৰ্বাচিত এন ডি এৰ বিধায়কসকলৰ বিধায়িনী দলৰ বৈঠকত দেৱেন্দ্ৰ ফাড়নবিজৰ নাম মুখ্যমন্ত্ৰীৰূপে আনুষ্ঠানিকভাৱে ঘোষণা কৰিব। এই বৈঠকত কেন্দ্ৰীয় পৰ্যবেক্ষক হিচাপে উপস্থিত থাকিব কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণ আৰু গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপাণী।

Advertisment

উল্লেখযোগ্য যে ৰাজ্যখনৰ নতুন মুখ্যমন্ত্ৰীয়ে ৫ ডিচেম্বৰত মুম্বাইৰ আজাদ মৈদানত শপত ল’ব। এই শপতগ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ো উপস্থিত থাকিব। শেহতীয়াকৈ অনুষ্ঠিত হোৱা মহাৰাষ্ট্ৰত ২৮৮ আসনযুক্ত বিধানসভাত এ ডি এ ২৩০খন আসন দখল কৰি শাসনলৈ আহিছে।

এন ডি এৰ ভিতৰত বিজেপিয়ে ১৩২খন আসনত, শিৱ সেনা সিন্দে গোটে ৫৭ খন আসনত আৰু এন চি পি ( অজিত পাৱাৰ) গোটে ৪১খন আসনত জয়ী হৈছিল। তাৰ পাছতেই পূৰ্বৰ মুখ্যমন্ত্ৰী একনাথ সিন্দেৰ স্থানত বিজেপিৰ দেৱেন্দ্ৰ ফাড়নবিজক মুখ্যমন্ত্ৰীৰূপে অধিষ্ঠিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে।

ইয়াকে কেন্দ্ৰ কৰি ৩টা দলৰ মাজত কিছু মতানৈক্যৰ সৃষ্টি হোৱাত নতুন মুখ্যমন্ত্ৰীৰ শপতগ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হোৱা নাছিল।

maharashtra