ডিজিটেল ডেস্কঃ বছৰৰ প্ৰথম দিনটোতে ৰামমন্দিৰত ব্যাপক ভক্তৰ সমাগম ঘটে। নৱবৰ্ষৰ প্ৰথম দিনটোত ৰামলালাৰ দৰ্শনৰ বাবে ভক্তৰ এনে ব্যাপক উছাহ দেখি মন্দিৰ কৰ্তৃপক্ষ তথা প্ৰশাসনেও কটকটীয়া নিৰাপত্তাৰ লগতে যাৱতীয় অন্য কিছু ব্যৱস্থাও কৰে।
ৰামলালাৰ দৰ্শনৰ বাবে পূৰ্বৰে পৰাই অযোধ্যত বাহৰ পাতিছিল প্ৰায় ২লক্ষাধিক ভক্তই। ইয়াৰ পাছতে নৱবৰ্ষৰ প্ৰথম দিনটোতে প্ৰায় ৩লাখ ভক্তৰ সমাগম ঘটে ৰাম মন্দিৰত। এনে অভাৱনীয় পৰিস্থিতিত প্ৰশাসনে ৰাম জন্মভূমি পথৰ কাষত অতিৰিক্ত ১০খন দৰ্শনাৰ্থী গেলেৰী প্ৰস্তুত কৰি দৰ্শন লাইনৰ সংখ্যা ১০ৰ পৰা ২০লৈ বৃদ্ধি কৰিছিল।
ভক্তসকলৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবেও বিশেষ নিৰাপত্তা ব্যৱস্থা বলবৎ কৰা হৈছিল। অযোধ্যাৰ উপ আৰক্ষী অধীক্ষক আশুতোষ তিৱাৰীয়ে লগতে কয় যে, চহৰখনক ৭টা নিৰাপত্তা খণ্ড আৰু ২৪টা জ’নত বিভক্ত কৰা হৈছে, প্ৰতিটো অঞ্চলত জ্যেষ্ঠ বিষয়া নিয়োগ কৰা হৈছে।
ভিৰ কৰা স্থান নিৰীক্ষণ কৰিবলৈ ড্ৰ’ন কেমেৰা ব্যৱহাৰ কৰা হৈছিল আৰু যান-জঁটৰ পৰা হাত সাৰিবলৈ আৰু জনসাধাৰণৰ সুৰক্ষা নিশ্চিত কৰিবলৈ যান-বাহনৰ চলাচল কঠোৰভাৱে নিয়ন্ত্ৰণ কৰা হৈছিল।