অযোধ্যাৰ ৰাম মন্দিৰৰ মুখ্য পুৰোহিত আচাৰ্য সত্যেন্দ্ৰ দাসৰ দেহাৱসান

১৯৯২ চনৰ ৬ ডিচেম্বৰত বাবৰি মছজিদ ভাঙি পেলোৱাৰ সময়ত ৰাম মন্দিৰৰ অস্থায়ী পুৰোহিত আছিল সত্যেন্দ্ৰ দাস। তেতিয়াৰ পৰাই তেওঁ ৰামলালাৰ সেৱাত নিয়োজিত হৈ আছিল।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
dgdgdg

ডিজিটেল ডেস্কঃ  অযোধ্যা ৰাম মন্দিৰৰ প্ৰধান পুৰোহিত আচাৰ্য সত্যেন্দ্ৰ দাসৰ  দেহাৱসান। কিছুদিনৰ পৰা তেওঁ গুৰুতৰভাৱে অসুস্থ হৈ আছিল। এসপ্তাহ পূৰ্বে ব্ৰেইন ষ্ট্ৰোকত আক্ৰান্ত হোৱাত লক্ষ্ণৌৰ পি জি আইত ভৰ্তি কৰোৱা হৈছিল সত্যেন্দ্ৰ দাসক। চিকিৎসাধীন অৱস্থাতে মগজুৰ ৰক্তক্ষৰণৰ বাবে বুধবাৰে পুৱা ৮৫ বছৰ বয়সত তেওঁৰ মৃত্যু হয়।

উল্লেখ্য যে, ১৯৯২ চনৰ ৬ ডিচেম্বৰত বাবৰি মছজিদ ভাঙি পেলোৱাৰ সময়ত ৰাম মন্দিৰৰ অস্থায়ী পুৰোহিত আছিল সত্যেন্দ্ৰ দাস। তেতিয়াৰ পৰাই তেওঁ ৰামলালাৰ সেৱাত নিয়োজিত হৈ আছিল। লাহে লাহে তেওঁ মন্দিৰৰ প্ৰধান পুৰোহিতলৈ পদোন্নতি হয়। সত্যেন্দ্ৰ দাস নিৰ্বাণ আখৰাৰ লগতো জড়িত আছিল।

ভক্তসকলে যেতিয়াই মন যায় তেতিয়াই তেওঁক লগ কৰিব পাৰিছিল। যিকোনো অসুবিধা লৈ তেওঁ পুৰোহিতৰ ওচৰলৈ দৌৰি আহিছিল। অযোধ্যা আৰু ৰাম মন্দিৰৰ বিষয়ে তেওঁৰ জ্ঞান গভীৰ আছিল।

উল্লেখ কৰা প্ৰয়োজন যে, সত্যেন্দ্ৰ দাস মধুমেহ আৰু উচ্চ ৰক্তচাপৰ দৰে গুৰুতৰ ৰোগত আক্রান্ত হৈছিল। চিকিৎসকৰ পৰ্যবেক্ষণত তেওঁৰ চিকিৎসা চলি আছিল। তাৰ মাজতে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ চিকিৎসালয়ত উপস্থিত হৈ আচার্য সত্যেন্দ্ৰ দাসৰ স্বাস্থ্যৰ বুজ লৈছিল।

বুধবাৰে আচার্য সত্যেন্দ্ৰ দাসৰ পাৰ্থিৱ শৰীৰ অযোধ্যালৈ নিয়া হ'ব। তাৰ পাছত বৃহস্পতিবাৰে অযোধ্যাৰ সৰযূৰ তীৰত পুৰোহিত গৰাকীৰ অন্তিম সংস্কাৰ কৰা হ'ব। 

ৰাম মন্দিৰ