/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/c32eefeb-8594-44df-ba8c-e230a2bd8b78/diwali.jpg)
ayodhya
ডিজিটেল ডেস্ক: সমগ্ৰ দেশ সাজু হৈছে দিপাৱলীত চাকিৰ পোহৰেৰে আলোকিত কৰিবলৈ। অযোধ্যাতো চলোৱা হৈছে প্ৰস্তুতি।
প্ৰধানমন্ত্ৰী মোডীও দিপাৱলী উপলক্ষে অযোধ্যাত উপস্থিত থাকিব। এইবাৰ অযোধ্যাত ১৭ লাখ চাকি জ্বলোৱা হ'ব। ইতিমধ্যে ইয়াৰ কাম সম্পূৰ্ণ হৈছে। উত্তৰ প্ৰদেশ চৰকাৰেও সমগ্ৰ অনুষ্ঠানটোৰ বাবে এজন নোডেল বিষয়া নিযুক্ত কৰিছে। নোডেল বিষয়া অজয় প্ৰতাপ সিঙে কৈছে যে দেওবাৰে পুৱাৰ পৰা স্বেচ্ছাসেৱক সকলৰ দ্বাৰা চাকি জ্বলোৱাৰ কাম আৰম্ভ কৰা হ'ব।
অযোধ্যাৰ দিপাৱলীত কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। এই সময়চোৱাত মোডীৰ সৈতে উপস্থিত থাকিব উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ।