/asomiyapratidin/media/media_files/2025/05/03/2XNTGGnRbv3dRJaecaQI.jpg)
ডিজিটেল সংবাদ, গুৱাহাটী : সম্প্রতি আমেৰিকা যুক্তৰাষ্ট্ৰৰ ইউনিভার্চিটি অব ভার্জিনিয়াত গৱেষণাৰত (পি এইচ ডি) অসম সন্তান অয়ন শর্মাই সেই দেশখনৰ অতি সন্মানীয় 'মেলন/এচি এল এচ ডিচার্টেচন ইন'ভেচন ফেল'শ্বিপ, ২০২৫' লাভ কৰিছে। মেলন/এচি এল এচ ফেল'শ্বিপ মানৱিকী বিদ্যা আৰু সমাজ বিজ্ঞান বিষয়ত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ডক্টৰেট পৰ্য্যায়ৰ সৰ্ববৃহৎ গৱেষণা অনুদান।
আমেৰিকান কাউন্সিল অৱ লার্নেড ছ'টাইটিজে এই ফেল'শ্বিপটো প্রৱর্তন কৰে। অয়ন শৰ্মাৰ গৱেষণাৰ বিষয় হৈছে, বিংশ শতিকাৰ প্রথমার্ধত দক্ষিণ এচিয়া আৰু বংগোপসাগৰীয় অঞ্চলত হোৱা পাৰিপার্শ্বিক আৰু অর্থনৈতিক ৰূপান্তৰৰ ইতিহাস তথা এই পৰিৱর্তনে দক্ষিণ এচিয়াৰ ৰাজনীতি কিদৰে নতুনকৈ গঢ় দিলে সেই বিষয়ৰ অধ্যয়ন। এই গৱেষণাই উত্তৰ-ঔপনিবেশিক এচিয়াৰ ৰাজনীতি, অর্থনীতি আৰু পৰিৱেশৰ মাজত থকা সম্পৰ্কৰ এতিয়ালৈকে অনাৱিস্কৃত দিশবোৰ উন্মোচন কৰিব বুলি আশা কৰা হৈছে।
এই ফেল'শ্বিপত এটা বছৰৰ গৱেষণা কৰ্মৰ বাবে ফেল'শ্বিপ প্রাপক গৰাকীয়ে সৰ্বমুঠ ৫২,০০০ আমেৰিকান ডলাৰৰ আৰ্থিক অনুদান লাভ কৰে। উল্লেখযোগ্য যে অয়ন শর্মাই ২০১১ চনত গুৱাহাটীৰ অসম জাতীয় বিদ্যালয়ৰ পৰা অসমীয়া মাধ্যমত শিক্ষা গ্রহণ কৰি হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীর্ণ হৈছিল।
পৰৱৰ্তী সময়ত দিল্লীৰ হিন্দু কলেজ আৰু আম্বেদকাৰ বিশ্ববিদ্যালয়ৰ পৰা ইতিহাস বিষয়ত ক্রমে স্নাতক আৰু স্নাতকোত্তৰ ডিগ্রী লাভ কৰি ২০২২ চনত আমেৰিকাৰ ইউনিভার্টিটি অব ভার্জিনিয়াত ছবছৰীয়া পি এইচ ডি পাঠ্যক্ৰমৰ বাবে ১০০ শতাংশ বৃত্তি লাভ কৰি নির্বাচিত হয়। তেওঁ গুৱাহাটীৰ নিউ গুৱাহাটী নিবাসী মেঘালী শর্মা আৰু অসম জাতীয় বিদ্যালয়ৰ সচিব তথা শিশুৰোগ বিশেষজ্ঞ ডা০ নাৰায়ণ শৰ্মাৰ কনিষ্ঠ পুত্র।