অলৰাউণ্ডাৰ অক্ষৰ পেটেলৰ কান্ধত দিল্লী কেপিটেলছৰ নেতৃত্বৰ দায়িত্ব...

জল্পনাৰ অন্ত পেলাই অৱশেষত দিল্লী কেপিটেলছে ঘোষণা কৰিলে নতুন অধিনায়কৰ নাম। আসন্ন আই পি এল ২০২৫ত দিল্লী কেপিটেলছক নেতৃত্ব দিব অক্ষৰ পেটেলে। 

author-image
Asomiya Pratidin
New Update
 অক্ষৰ পেটেলৰ কান্ধত দিল্লী কেপিটেলছৰ নেতৃত্বৰ দায়িত্ব

ডিজিটেল ডেস্ক : জল্পনাৰ অন্ত পেলাই অৱশেষত দিল্লী কেপিটেলছে ঘোষণা কৰিলে নতুন অধিনায়কৰ নাম। আসন্ন আই পি এল ২০২৫ত দিল্লী কেপিটেলছক নেতৃত্ব দিব অক্ষৰ পেটেলে। 

অৱশ্যে ইয়াৰ আগেয়ে কে এল ৰাহুলে নেতৃত্ব দিব বুলি চৰ্চা চলিছিল যদিও শুকুৰবাৰে আনুষ্ঠানিকভাৱে অক্ষৰ পেটেলক অধিনায়কৰ দায়িত্ব অৰ্পণ কৰে ফ্ৰেন্সাইজিটোৱে। এইখিনিতে এটা কথা উল্লেখ কৰা প্ৰয়োজন যে দিল্লী কেপিটেলছৰ অধিনায়কৰ দায়িত্ব কে এল ৰাহুলক দিয়াৰ কথা আছিল। কিন্তু তেওঁ এই প্ৰস্তাৱ নাকচ কৰি এগৰাকী ক্ৰিকেটাৰ হিচাপেহে দলত থাকিব বুলি ফ্ৰেন্সাইজিটোৰ নেতৃবৰ্গক অৱগত কৰিছিল। 

ইয়াৰ পাছতে চিন্তাত পৰিছিল দলীয় মেনেজমেণ্ট। কিন্তু সেই চিন্তাৰ অৱসান ঘটাই অক্ষৰ পেটেলক দিল্লীৰ অধিনায়কৰ দায়িত্ব অৰ্পণ কৰে। অক্ষৰৰ নেতৃত্বত দিল্লীয়ে ন উদ্যোমেৰে আগবঢ়িব বুলি আশা প্ৰকাশ কৰে সহ স্বত্বাধিকাৰী পাৰ্থ জিন্দালে।

ipl