/asomiyapratidin/media/media_files/2025/07/19/golaghat-19-2025-07-19-17-02-50.jpg)
ডিজিটেল সংবাদ গোলাঘাটঃ মাতৃভাষাৰ চর্চা, উত্তৰণ আৰু ঐতিহ্য ৰক্ষাৰ সংকল্পৰে আজি 'প্রণামো মাতৃভাষা' নামেৰে এক নতুন প্রয়াসৰ আৰম্ভণি কৰা হয়। অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয়, শংকৰদেৱ শিশু নিকেতন আৰু জাতীয় বিদ্যালয়সমূহৰ শিক্ষা-ব্যৱস্থাৰ লগত জড়িত ব্যক্তি আৰু এই প্রয়াসৰ প্রতি আগ্রহী ব্যক্তিৰ অন্তর্ভুক্তিৰে 'প্রণামো মাতৃভাষা' গোটটোৱে আজি এই কয্যসূচী সম্পন্ন কৰে।
বিশিষ্ট শিক্ষাবিদ ড০ ৰমেশ চন্দ্র ডেকাক সভাপতি, অভিজিত শর্মা বৰুৱাক সম্পাদক ড° হিতেশ ডেকা আৰু ড০ নাৰায়ণ শর্মাক আহ্বায়ক ৰূপে লৈ গঠন কৰা সমিতিখনে এই কায্যসূচী ৰূপায়ণ কৰে৷ উল্লেখযোগ্য যে ২০২৪ চনৰ ৪ অক্টোবৰ তাৰিখে ভাৰত চৰকাৰে অসমীয়া ভাষাক ধ্রুপদী ভাষাৰ মৰ্য্যাদা প্রদান কৰিলে।
এই স্বীকৃতিয়ে অসমীয়া ভাষাৰ স্বকীয় পৰিচয়, ঐতিহ্য আৰু প্রাচীনতাক বিশ্ব দৰবাৰত সবলভাবে প্রতিষ্ঠা কৰিলে। এয়া প্রতিজন অসমীয়া মানুহৰ বাবে গৌৰৱ আৰু স্বাভিমানৰ প্রতীক। কিন্তু একমাত্র ধ্রুপদী ভাষাৰ মৰ্য্যাদাই ভাষা এটাক জীয়াই নাৰাখে।
ভাষাটোৰ চৰ্চা নাথাকিলে এনে স্বীকৃতি এসময়ত অসাৰ প্ৰতিপন্ন হ'ব। নিজৰ ভাষাটো লিখা, কোৱাৰ লগতে সকলোৱে মাতৃভাষাটোৰ প্রতি সম্মান প্রদর্শন নকৰিলে, ভাষাটোক লৈ গৌৰৱবোধ কৰিবলৈ নিশিকিলে, সাহিত্য সৃষ্টি আৰু অধ্যয়নৰ নিৰবিচ্ছিন্ন প্রক্রিয়া চলাই নাৰাখিলে ধ্রুপদী ভাষাৰ প্ৰমাণ পত্ৰখনে অসমীয়া ভাষাকো জীয়াই নাৰাখিব।
শিক্ষা, সাহিত্য, সংস্কৃতি, অর্থনীতি, ব্যৱসায়-বাণিজ্য, চৰকাৰী কাম-কাজ সকলোতে ভাষাটোৰ চর্চা আৰু উত্তৰণৰ বাবে সকলোৱে অক্লান্ত প্রচেষ্টা চলাই যাব লাগিব বুলি সমিতি খনে বিশ্বাস কৰে। এনে উদ্দেশ্য আগত ৰাখি সমগ্র ৰাজ্যজুৰি মাতৃভাষাৰ বাবে অধিক সজাগতা সৃষ্টিৰ বাবে আমি এক নতুন যাত্রা আৰম্ভ কৰিছো প্ৰনামো মাতৃভাষাই।
ইয়াৰ বাবে বিভিন্ন ধৰণৰ কাৰ্য্যসূচীৰ কথা চিন্তা কৰা হৈছে। এনে কার্য্যসূচীৰ অন্যতম কাৰ্য্যসূচী হৈছে সজাগতা সভা। প্রণামো মাতৃভাষা আৰু গোলাঘাট জিলা জাতীয় বিদ্যালয় সমন্বয়ৰক্ষী সমিতিৰ উদ্যোগত, শিশু শিক্ষা সমিতি, অসম আৰু স্থানীয় বিভিন্ন সংগঠনৰ সহযোগত আজি এই বিষয়ত প্ৰথমখন সজাগতা সভাৰ অনুষ্ঠিত কৰে।
ড° নাৰায়ণ শৰ্মাৰ সঞ্চালনাত অনুষ্ঠিত সভাত বহুসংখ্যক বিশিষ্ট ব্যক্তিয়ে ভাষণ দিয়ে ৷ গীত মাতৰ মাজত অনুষ্ঠিত কায্যসূচী জাতীয় সংগীতেৰে অন্ত পৰে।