/asomiyapratidin/media/media_files/2025/07/22/1-2025-07-22-21-23-56.jpg)
ডিজিটেল সংবাদ,নগাঁও: বাল্য বিবাহৰ বিৰুদ্ধে সজাগতা সৃষ্টি কৰি সমাজৰ সকলো শ্ৰেণীৰ লোককে শিশু বিবাহৰ বিৰুদ্ধে সক্ৰিয়ভাৱে প্ৰশিক্ষণ প্ৰদান কৰাৰ উদ্দেশ্যৰে আজি এদিনীয়া শিশু বিবাহ প্ৰতিৰোধ অভিমুখীকৰণ আৰু প্ৰশিক্ষণ কাৰ্যসূচীৰ আয়োজন কৰা হয়।
কলিয়াবৰ সম জিলা প্রশাসন, জিলা শিশু সুৰক্ষা গোট আৰু কোষী লোক মঞ্চৰ যুটীয়া উদ্যোগত আমনিস্থিত সম্প্ৰসাৰণ প্ৰশিক্ষণ কেন্দ্ৰ, জি.বি.এচ. আই. পি. আৰ. ডি. কেন্দ্ৰত কলিয়াবৰ সম জিলাৰ অন্তৰ্গত গাঁও পঞ্চায়তৰ সম্পাদক আৰু বিষয়ববীয়াসকলৰ বাবে এই অনুষ্ঠানৰ আয়োজন কৰা হয়।
বাল্যবিবাহ হৈছে এনে এক জটিল সামাজিক ব্যাধি আৰু সমস্যা যাৰ প্ৰভাৱ শাৰীৰিক, মানসিক, আৰু সামাজিক বিকাশত পৰে। বিশেষকৈ উন্নয়নশীল দেশসমূহত বাল্যবিবাহৰ প্ৰচলন বেছি। ইয়াৰ মূল কাৰণসমূহ হৈছে দৰিদ্ৰতা, শিক্ষাৰ অভাৱ, ৰীতি-নীতি, লিংগবৈষম্য আৰু সামাজিক অসচেতনতা।
এই প্রশিক্ষণ কাৰ্যসূচীত মুখ্য অতিথিৰূপে উপস্থিত থাকি নগাঁও জিলাৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই নিজৰ ভাষণত উল্লেখ কৰে যে, শিশুবিবাহ প্ৰতিৰোধৰ বাবে এনে ধৰণৰ প্ৰশিক্ষণ কাৰ্যসূচী অতি গুৰুত্বপূৰ্ণ। ইয়াৰ জৰিয়তে সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকসকলক শিশুবিবাহৰ বিৰুদ্ধে সজাগ কৰি তোলাৰ লগতে আইনী জ্ঞান, শিশু সুৰক্ষাৰ ব্যৱস্থা আৰু সমাজৰ সক্ৰিয় ভূমিকাৰ বিষয়ে অৱগত কৰিব পৰা যায় ।
লগতে কয় যে, শিশু বিবাহে শিশুৰ শিক্ষা, স্বাস্থ্য আৰু ভৱিষ্যতক ধ্বংস কৰে। গতিকে, এই বেয়া প্ৰথা ৰোধ কৰিবলৈ আমি সকলোৱে একগোট হৈ কাম কৰাটো অতি প্রয়োজন। আয়ুক্ত গৰাকীয়ে লগতে উল্লেখ কৰে যে, এনেধৰণৰ প্ৰশিক্ষণে গাঁও পঞ্চায়তৰ নেতৃস্থানীয় ব্যক্তি, যুৱ সমাজ আৰু স্থানীয় লোকসকলক শিশুবিবাহৰ বিৰুদ্ধে সক্ৰিয়ভাৱে কাম কৰিবলৈ প্ৰেৰিত কৰিব।
শিশুৰ সুৰক্ষা আৰু অধিকাৰ নিশ্চিত কৰি এখন উন্নত সমাজ গঢ়ি তুলিবলৈ তেখেতে সকলোকে আগবাঢ়ি আহিবলৈ আহ্বান জনায়। এই প্ৰশিক্ষণ কাৰ্যসূচীত কলিয়াবৰ সম জিলাৰ সম আয়ুক্ত ৰাজ বৰুৱা, সহকাৰী আয়ুক্ত তেজস অগ্নিহোত্ৰী, কলিয়াবৰ ৰাজহ চক্ৰ বিষয়া ৰাজ নিশান শৰ্মা, কলিয়াবৰ সম জিলাৰ সহকাৰী আয়ুক্ত হিমাশ্ৰী ডেকা, সহকাৰী আয়ুক্ত অভিজাত বৰা, শিশু সুৰক্ষা বিষয়া, অঞ্জলি আৰ্য্য প্ৰমুখ্যে সংশিষ্ট বিষয়াসকল, পঞ্চায়তৰ সম্পাদক আৰু অন্যান্য অংশীদাৰসকল উপস্থিত থাকে।