/asomiyapratidin/media/media_files/2025/02/11/tU6bCUwbwovlYbclp5Vc.jpg)
ডিজিটেল সংবাদ, চিৰাংঃ সমাজত বৰ্দ্ধিত নাৰীজনিত অপৰাধ আৰু অসামাজিক কাৰ্য্যকলাপৰ বিৰুদ্ধে কাজলগাঁৱত উলিওৱা হয় এক সজাগতামূলক সমদল ।সৰ্বসাধাৰণ ৰাইজক সজাগ কৰিবলৈ চিৰাং জিলা সদৰ কাজলগাঁৱত বড়ো মাতৃ সন্থাৰ উদ্যোগত আৰু জিলা এবছুৰ সহযোগত আজি উলিওৱা হয় এই বিশাল সমদল ।
প্ৰায় শতাধিক মহিলা, যুৱতী আৰু এবছুৰ কৰ্মী সকলে অংশগ্ৰহণ কৰা এই সজাগতামূলক সমদল জিলা এবছুৰ কাৰ্য্যালয়ৰ পৰা আৰম্ভ কৰা হয় । কাজলগাঁও বজাৰ হৈ জিলা আয়ুক্ত কাৰ্যালয়লৈ গৈ জিলা আয়ুক্ত কাৰ্যালয়ত এখন স্মাৰক পত্ৰও প্ৰদান কৰে সমদলকাৰী দলে ।তাৰ পিছত উক্ত সমদলৰ সামৰণি পৰে যাত্ৰা আৰম্ভ কৰা এবছু কাৰ্যালয়ত ।
আজিৰ এই সজাগতামূলক সমদলৰ উদ্দেশ্য সন্দৰ্ভত বড়ো মাতৃ সন্থাৰ নেত্ৰীবৰ্গই কয় যে, ‘’আমাৰ সমাজত নাৰীজনিত অপৰাধৰ বৰ্দ্ধিত ঘটনা, বাল্য বিবাহৰ দৰে সামাজিক ব্যাধি, যুৱ সমাজক ধ্বংসৰ মুখলৈ ঠেলি দিয়া নিষিদ্ধ ড্ৰাগছৰ বহুল ব্যৱহাৰ, ৰীল বনোৱাৰ নামত সামাজিক মাধ্যমত অশ্লীলতাৰ পয়োভৰ, কৰ্মসংস্থানৰ নামত বহিঃৰাজ্যলৈ নাৰী আৰু শিশু সৰবৰাহ আদিৰ দৰে বিভিন্ন অপৰাধমূলক আৰু অসামাজিক কাৰ্য্যকলাপ সন্দৰ্ভত আমি সমাজৰ প্ৰতিটো বৰ্গৰ লোকৰ মাজত সজাগতা বৃদ্ধি কৰাৰ উদ্দেশ্যৰেই এই সমদল উলিওৱা হৈছে ।‘’
আজিৰ সজাগতামূলক সমদলত চিৰাং জিলা এবছুৰ নেতৃবৰ্গৰ উপৰি বড়ো সাহিত্য সভাৰ বিষয়ববীয়া সকলেও যোগদান কৰে ।