/asomiyapratidin/media/media_files/2025/07/05/ererer-2025-07-05-22-10-48.jpg)
ডিজিটেল সংবাদ, মায়ংঃ জাগীৰোডৰ বালিমুখ নতুন বজাৰত শনিবাৰে জাগীৰোড থানাৰ নাগৰিক সমিতিৰ উদ্যোগত বালিমুখ বজাৰ, বালিমুখ গাঁও আৰু বৰামাৰী গাঁওৰক্ষী বাহিনীৰ সহযোগত মাদক দ্ৰব্য প্ৰচলন ৰোধ, ড্ৰাগছ, নাৰী নিৰ্যাতন, বাল্য বিবাহ প্ৰতিৰোধ সন্দৰ্ভত এখন সজাগতামূলক সভা অনুষ্ঠিত হয়।
জাগীৰোড থানাৰ নাগৰিক সমিতিৰ সভাপতি প্ৰবীণ ডেকাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভা খনত উপস্থিত থাকি ভাষণ আগবঢ়াই জাগীৰোড থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভদ্ৰেশ্বৰ পেগু, সমাজ কৰ্মী তথা ঐতিহাসিক জোনবিল মেলা সমিতিৰ সম্পাদক জুৰচিং বৰদলৈ আৰু সাংবাদিক নজৰুল ইছলামে। আটাইকেইগৰাকী বক্তাই নিজৰ নিজৰ ভাষণত অঞ্চলটোৰ বিভিন্ন দিশ সামৰি গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়াই আৰু ৰাইজক সমাজ খনৰ প্ৰতি সচেতন হবলৈ আহ্বান জনাই।
এই সভাত উপস্থিত থাকে জাগীৰোড থানাৰ গাঁওৰক্ষী সমূহৰ চক্ৰ সংগঠক পুষ্পেন্দ্ৰ মহন্ত, কাৰছোৱাবৰী এলেকাৰ গাঁও প্ৰধান জৱহৰলাল ডেকা, থানাৰ গাঁওৰক্ষী বাহিনীৰ সম্পাদক টিকেন বাংঠাই, নাগৰিক সমিতিৰ সদস্য সমৰ দে, বালিমুখ বজাৰ সমিতিৰ সভাপতি বুলু দেৱান, বিশিষ্ট ব্যৱসায়ী সুশীল দাস প্ৰমুখ্যে অঞ্চলটোৰ বিশিষ্ট ব্যক্তিসকল। সভাত কাৰছোৱাবৰী, বালিমুখ,বৰী, কলবাৰী, আতিগাঁও, চপৰাপাৰ, বৰামাৰি, হাৰিয়াপাৰ, কাটাখাল আদি গাঁৱৰ দুই শতাধিকলোক উপস্থিত থাকে। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে পুষ্পেন্দ্ৰ মহন্তই।