সৰভোগত বৰপেটা আৰক্ষীৰ উদ্যোগত সজাগতা সভা

বৰপেটা আৰক্ষী প্ৰশাসনৰ উদ্যোগত আৰু সৰভোগ থানাৰ সহযোগত সৰভোগৰ সাহপুৰ চ'ক বজাৰত ড্ৰাগছ, বাল্যবিবাহ আৰু পথ দুৰ্ঘটনা সন্দৰ্ভত অনুষ্ঠিত হয় এখন সজাগতা সভা।

author-image
Asomiya Pratidin
New Update
vvvvv

সৰভোগত বৰপেটা আৰক্ষীৰ উদ্যোগত সজাগতা সভা

ডিজিটেল সংবাদ, সৰভোগঃ বৰপেটা আৰক্ষী প্ৰশাসনৰ উদ্যোগত আৰু সৰভোগ থানাৰ সহযোগত সৰভোগৰ সাহপুৰ চ'ক বজাৰত ড্ৰাগছ, বাল্যবিবাহ আৰু পথ দুৰ্ঘটনা সন্দৰ্ভত অনুষ্ঠিত হয় এখন সজাগতা সভা। এই সভাত উপস্থিত থাকে বৰপেটা জিলা প্ৰশাসন আৰক্ষী বিষয়া ডিএছপি, সৰভোগ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰণৱ দাস, বৰনগৰ ৰাজহ চক্ৰ বিষয়া নিৰ্মল জ্যোতি শৰ্মা, গাওঁবুঢ়া, চকচকা ব্লক কংগ্ৰেছৰ সভাপতি কল্যাণ দাস, সাংবাদিক ৰমিজ তালুকদাৰ, সমাজকৰ্মী জাহিদুল ইছলাম, সাহপুৰ বান্দৰখোৱা আৰু জামাদাৰবড়ী অঞ্চলৰ সচেতন ৰাইজ। 

Advertisment

এই সজাগতা সভাত ড্ৰাগছৰ বিৰুদ্ধে প্ৰতিগৰাকী অভিভাৱক আৰু যুৱ প্ৰজন্মসকলক সজাগ হবলৈ আহ্বান জনায়। আনহাতে, পথ দুৰ্ঘটনাৰ পৰা পৰিত্ৰাণ পাবলৈ অভিভাৱক সকলক নিজৰ সন্তানৰ প্ৰতি লক্ষ্য ৰাখিবলৈ আৰু ১৮ বয়সৰ তলৰ লৰা ছোৱালীক বাহন নিদিবলৈ আহ্বান জনায়। একেদৰে চালকসকলে সুৰাপান কৰি যাতে বাহন নচলাই তাৰপ্ৰতিও দৃষ্টি ৰাখিবলৈ ৰাইজক জনায় আহ্বান। 

ইফালে, এই সভাত বাল্যবিবাহ সন্দৰ্ভতো মূল্যবান ভাষণ আগবঢ়ায়। সমাজত বাল্যবিবাহ দেখা পালে ততাতৈয়াকৈ সৰভোগ থানাত অৱগত কৰিবলৈ সচেতন ৰাইজক জনায় অনুৰোধ।

বৰপেটা সজাগতা সভা