/asomiyapratidin/media/media_files/2025/06/15/GJtucT75MvXllVvaYWXM.jpg)
ডিজিটেল সংবাদ, পাটাছাৰকুছি : দেওবাৰে ভৱানীপুৰ অঞ্চলৰ মাধপুৰ গাঁৱৰ ভি ডি পিৰ সভাপতি মুছলিম উদ্দিনৰ আমন্ত্ৰণক্ৰমে বজালী জিলাৰ ৱাৰিৱৰ্ছৰ উপদেষ্টা ড⁰ বিনীতা বৰা দেৱ চৌধুৰীৰ পৃষ্ঠপোষকতাত আৰু সভাপতি ত্ৰিদীপ শৰ্মা সমন্বিতে সক্ৰিয় সদস্য ড০ চন্দনা দেৱীৰ উদ্যোগত যুৱ প্ৰজন্মৰ ওপৰত ড্ৰাগছৰ ভয়াবহতা শীৰ্ষক এখনি সজাগতা সভা অনুষ্ঠিত কৰা হয়।
ভৱানীপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত অধীক্ষক সন্মানীয় বিকাশ জ্যৌতি ডেকাৰ দ্বাৰা শুভাৰম্ভ কৰা উক্ত সভাখনত ৱাৰিৱৰ্ছৰ সদস্য ড⁰ চন্দনা দেৱীয়ে তেখেতৰ ভাষণত ড্ৰাগছৰ কবলত পৰি যে বহুসংখ্যক পৰিয়াল পংগু হৈ গৈছে আৰু শৈক্ষিক দিশত ইয়াৰ প্ৰভাৱ পৰি আজিৰ যুৱ প্ৰজন্মৰ মাৰাত্মক ক্ষতি সাধন হৈছে আৰু ইয়াক কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি সেই সম্পৰ্কে সাৱলীলভাৱে বক্তব্য দাঙি ধৰে।
ইয়াৰ পিছত ৱাৰিৱৰ্ছৰ সভাপতি ত্ৰিদীপ শৰ্মাই ড্ৰাগছ আক্ৰান্তবোৰক উদ্ধাৰ কৰাৰ ক্ষেত্ৰত অভিভাৱক, বন্ধু - বান্ধৱী আৰু আত্মীয় স্বজনৰ সহযোগিতাৰ লগতে যে সমাজৰ সকলোৰে গুৰু দায়িত্ব আছে তাকে বিভিন্ন আইনৰ ব্যৱহাৰৰ উদাহৰণ দি ভাষণ প্ৰদান কৰে। বাৰিৱৰ্ছৰ সদস্য তথা বজালী শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ৰ তৰফৰ পৰা আভ্যন্তৰীণ মান নিৰূপণ কোষৰ সমন্বয়ক ড⁰ কৃষ্ণা তালুকদাৰে ছোৱালী শিক্ষাৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰি ড্ৰাগছ আসক্ত নোহোৱা কৰিব লাগিলে প্ৰথমে নিজৰ ঘৰখনহে ঠিক হ’ব লাগিব বুলি মন্তব্য আগবঢ়ায়।
বজালী জিলাৰ ৱাৰিৱৰ্ছৰ ফালৰ পৰা ড্ৰাগছ বিৰোধী সচেতনতা সদায় সক্ৰিয় হৈ থাকিব বুলি সম্পাদিকা হিমাক্ষী ঠাকুৰীয়াই নিজৰ মন্তব্য প্ৰদান কৰে। শেষত মাধপুৰ গাঁৱৰ মুখীয়াল লোকসকলেও নিজৰ নিজৰ সমস্যাসমূহ উল্লেখ কৰি বক্তব্য ৰখা সভাখনত গাঁৱৰ গাঁওবুঢ়া অনন্ত দাস প্ৰমুখ্যে ভি. ডি. পিৰ সমুহ কাৰ্যকৰ্তা, শুভাকাংশী, বিশিষ্ট ব্যক্তি আৰু সমূহ গাঁওবাসীয়ে সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰে।