মন্ত্ৰী কৌশিক ৰায়ৰ উপস্থিতিত বিভাগৰ অভিলাসী আঁচনি বিষয়ক সজাগতামূলক সন্মিলন

খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্রাহক পৰিক্ৰমা আদি বিভাগৰ মন্ত্রী কৌশিক ৰায়ৰ উপস্থিতিত নগাঁও জিলাৰ সুলভ মূল্যৰ দোকানী আৰু গাঁও পঞ্চায়ত সমবায় সমিতিৰ সৈতে এখনি সজাগতামূলক সন্মিলন বুধবাৰে নগাঁও জিলা পুথিভঁৰাল প্রেক্ষাগৃহত অনুষ্ঠিত হয় ।

author-image
Asomiya Pratidin
New Update
dsghg

ডিজিটেল সংবাদ, নগাঁও : খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্রাহক পৰিক্ৰমা আদি বিভাগৰ মন্ত্রী কৌশিক ৰায়ৰ উপস্থিতিত নগাঁও জিলাৰ সুলভ মূল্যৰ দোকানী আৰু গাঁও পঞ্চায়ত সমবায় সমিতিৰ সৈতে এখনি সজাগতামূলক সন্মিলন বুধবাৰে নগাঁও জিলা পুথিভঁৰাল প্রেক্ষাগৃহত অনুষ্ঠিত হয় । অসমৰ জাতীয় সংগীতেৰে আৰম্ভ হোৱা উক্ত সভাখনত আদৰণি ভাষণ প্ৰদান কৰে জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই  । 

Advertisment

সভাত অসম চৰকাৰৰ খাদ্য আৰু ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ গুৱাহাটী আয়ুক্ত কাৰ্য্যালয়ৰ বিষয়া মৃগাংক শেখৰ হাজৰিকাই দৃশ্য-শ্ৰৱ্য মাধ্যমেৰে উপস্থিত সকলোকে এই আঁচনিখনৰ সন্দৰ্ভত বিতং তথ্য আগবঢ়ায় । নগাঁও - বটদ্ৰবা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই তেওঁৰ ভাষণত বৰ্তমান সময়ত ৰেচন কাৰ্ডখনৰ  গুৰুত্বৰ কথা উল্লেখ কৰে আৰু লগতে সমবায় সমিতি আৰু সুলভ মূল্যৰ দোকানীসকলক জনসাধাৰণক তেওঁলোকৰ উচিত প্ৰাপ্যৰ পৰা বঞ্চিত নকৰিবলৈ আহ্বান জনায় । 

আজিৰ সভাত মুখ্য অতিথিৰূপে উপস্থিত থকা  মন্ত্ৰীগৰাকীয়ে ভাষণত কয় যে অভিলাসী এই আঁচনিখনৰ অধীনত চলিত বৰ্ষৰ নৱেম্বৰ মাহৰ পৰা নগাঁও জিলাৰ অন্তৰ্গত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন-২০১৩ ৰ অধীনৰ সকলো ৰেচন কার্ডধাৰী হিতাধিকাৰীয়ে বজাৰ মূল্যতকৈ কম দৰত মচুৰ দাইল, চেনি আৰু নিমখ লাভ কৰিব । প্ৰতিখন ৰেচন কাৰ্ডৰ বিপৰীতে হিতাধিকাৰীসকলে ১ কেজিকৈ মচুৰ দাইল, ১ কেজিকৈ চেনি আৰু নিমখ লাভ কৰিবলৈ সক্ষম হ'ব। 

চৰকাৰীভাৱে অনুমোদিত ব্ৰেণ্ডিং আৰু ল'গ' সহিত এক কেজিকৈ প'লি পেকত এইসমূহ সামগ্ৰী পেকিং কৰা হ'ব। উপভোক্তাসকলে মচুৰ দাইলত প্ৰতি কেজিত ৬৯ টকাকৈ, চেনিৰ প্ৰতি কেজিত ৩৮ টকাকৈ আৰু নিমখৰ প্ৰতি কেজিত ১০ টকাকৈ প্ৰদান কৰিব লাগিব । 

তেখেতে লগতে উল্লেখ কৰে যে, হিতাধিকাৰীসকলে "অন্ন সেৱা দিন"ত এই সামগ্ৰীসমূহ সুলভ মূল্যৰ দোকানৰ পৰা ePOS মেচিনৰ যোগেদি লাভ কৰিব পাৰিব।
ৰাষ্ট্ৰীয় সংগীতেৰে সামৰণি পৰা আজিৰ এই সভাত বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামীয়ে এই আঁচনিখনৰ ওপৰত নিজৰ বক্তব্য আগবঢ়াই আৰু দৰিদ্ৰ জনসাধাৰণৰ বাবে এই অভিলাসী আঁচনিখন গ্ৰহণ কৰাৰ বাবে  মুখ্যমন্ত্ৰী  ধন্যবাদ জ্ঞাপন কৰে । 

সভাত চামগুৰি বিধানসভা সমষ্টিৰ বিধায়ক দিপ্লু ৰঞ্জন শৰ্মা, শশী কান্ত দাস, ৰহা সমজিলাৰ সম আয়ুক্ত  ফিলিছ ভি.এল.এইছ. হ্ৰংচাল, অতিৰিক্ত জিলা আয়ুক্ত  শৌভিক ভূঞা, সমাজকৰ্মী ৰঞ্জিত বৰদলৈ, প্ৰভুৰাম মহন্ত, নগাঁও আৰু ধিং পৌৰসভাৰ পৌৰপতিদ্বয়,  জিলা খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ  উপ সঞ্চালক দ্বীপেন শর্মাকে প্ৰমুখ্যে কৰি জিলাখনৰ সুলভ মূল্যৰ দোকানী সকল, গাঁও পঞ্চায়ত সমবায় সমিতিৰ সভাপতি আৰু সম্পাদকসকল আৰু সংশ্লিষ্ট বিভাগৰ বিষয়া- কৰ্মচাৰীসকল  উপস্থিত থাকে।

কৌশিক ৰায়