ৰাজধানী মধ্য ইংৰাজী বিদ্যালয়ত অগ্নি সুৰক্ষা সন্দৰ্ভত সজাগতা সভা...

বিদ্যালয়খনৰ প্ৰধান শিক্ষক কৰুণাময় গোস্বামী তথা শিক্ষক -শিক্ষয়ত্ৰী আৰু অক্ষৰ ফাউণ্ডেশ্যনৰ কৰ্মচাৰী সকলেও এই কাৰ্যসূচীত সম্পূৰ্ণ সহযোগিতা আগবঢ়াই

author-image
Asomiya Pratidin
New Update
ৰাজধানী মধ্য ইংৰাজী বিদ্যালয়ত অগ্নি সুৰক্ষা সন্দৰ্ভত সজাগতা সভা...

অগ্নি সুৰক্ষা সন্দৰ্ভত সজাগতা সভা

ডিজিটেল ডেস্কঃ গুৱাহাটী মহানগৰীত শেহতীয়াকৈ সংঘটিত ব্যাপক অগ্নিকাণ্ডৰ দুৰ্ঘটনা সমূহৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ অগ্ৰণী বেচৰকাৰী সংস্থা অক্ষৰ ফাউণ্ডেশ্যন আৰু ৰাজধানী মধ্য ইংৰাজী বিদ্যালয়ৰ উদ্যোগত বিদ্যালয় প্ৰাংগনত ৰাজ্যৰ অগ্নি নিৰ্বাপক বিভাগৰ সহযোগত অনুষ্ঠিত কৰা হয় এক অগ্নি সুৰক্ষা সজাগতা সভা আৰু মক ড্ৰিল কাৰ্যসূচী । এই সজাগতা সভা তথা মক ড্ৰিল কাৰ্যসূচী অনুষ্ঠিত কৰা হয় বৃহস্পতিবাৰে দিনৰ প্ৰায় ১০.৩০ বজাত।

Advertisment

এই সজাগতা সভা তথা মক ড্ৰিল কাৰ্যসূচীত ছাত্ৰ - ছাত্ৰী, শিক্ষক-শিক্ষয়ত্ৰী আৰু কৰ্মচাৰী সকলৰ মাজত অগ্নিকাণ্ডৰ বিৰুদ্ধে সজাগতা বৃদ্ধি কৰিবলৈ উপস্থিত থাকে অগ্নি নিৰ্বাপক আৰু জৰুৰীকালীন সেৱা বিভাগৰ উপ বিষয়া এচ. এ. সিকদাৰ আৰু অক্ষৰ ফাউণ্ডেশ্যনৰ সহ প্ৰতিষ্ঠাপক তথা সহযোগী সঞ্চালক পাৰমিতা শৰ্মা ।

আনহাতে বিদ্যালয়খনৰ প্ৰধান শিক্ষক কৰুণাময় গোস্বামী তথা শিক্ষক -শিক্ষয়ত্ৰী আৰু অক্ষৰ ফাউণ্ডেশ্যনৰ কৰ্মচাৰী সকলেও এই কাৰ্যসূচীত সম্পূৰ্ণ সহযোগিতা আগবঢ়ায় । উল্লেখ্য যে, এই সজাগতা সভা তথা মক ড্ৰিল কাৰ্যসূচীত কেৱল ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীৰ শিক্ষাৰ্থী সকল উপস্থিত থাকে ।

আৰু পঢ়কঃ বিশিষ্ট চিন্তাবিদ, লেখক, সাহিত্যিক শিৱনাথ বৰ্মন আৰু নাই...

assam guwahati