/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/ab717302-53d9-4bcc-9d5f-d4d3628c548a/PANDU_16.jpg)
ELORA BIGYAN MANCHA
ডিজিটেল ডেস্কঃ আজি গুৱাহাটী পান্ডুৰ বিদ্যানিকেতন উচ্চ মাধ্যমিক বিদ্যালয়ত শতাধিক ছাত্ৰীৰ মাজত "কিশোৰী স্বাস্থ্য আৰু পৰিচ্ছন্নতা" শীর্ষক সজাগতা সভা অনুষ্ঠিত হয়। ইলোৰা বিজ্ঞান মঞ্চৰ পান্ডু মালিগাওঁ শাখা আৰু জনস্বাস্থ্য অভিযানৰ যুটীয়া উদ্যোগত আয়োজিত সভাত অসম চৰকাৰৰ স্বাস্হ্য বিষয়া ডাঃ দীপ্তিৰেখা শৰ্মা আৰু ডাঃ অনিল চৌধুৰীয়ে বয়ঃসন্ধিকাল আৰু কৈশোৰ অবস্থাত স্বাস্হ্য আৰু পৰিচ্ছন্নতাৰ গুৰুত্ব সম্পর্কে মনোগ্রাহী আলোচনা আগবঢ়ায়।
শেষত প্ৰশ্নোত্তৰ পৰ্বতো কেইবাগৰাকী ছাত্রীয়ে ভাগ লয়। সভাৰ আৰম্ভণিত উদ্দেশ্য ব্যাখ্যা কৰে ইলোৰা বিজ্ঞান মঞ্চৰ পান্ডু মালিগাওঁ শাখাৰ সম্পাদক শিশিৰ ভট্টাচার্যই। বিদ্যানিকেতন উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষিকা শ্ৰীমতী লক্ষী মিত্ৰই সভাত সভাপতিত্ব কৰে।
অনুষ্ঠানত বিজ্ঞান মঞ্চৰ হিমাংশু দাস, সমীৰ মুখাৰ্জী, মনোৰঞ্জন চৰকাৰ, তৰুন চৰকাৰ, প্ৰদীপ কৰ্মকাৰ, ত্ৰিদিপ দাশগুপ্ত, সুতপা চক্ৰবৰ্তী, মিতা দত্ত প্ৰমুখ কৰ্মকৰ্তা আৰু শিক্ষক শিক্ষিকা উপস্থিত আছিল।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
 Follow Us