সৰভোগৰ বান্দৰখোৱাত সজাগতা সভা সম্পন্ন

ইব্ৰাহিম আলীৰ সভাপতিত্বত আজি আবেলিত সমাজ বিৰোধী ড্ৰাগছ ,বাল্যবিবাহ, মদ ,ভাং জুৱা আদিৰ বিৰুদ্ধে এই সজাগতা সভাখন অনুষ্ঠিত হয়

author-image
Asomiya Pratidin
New Update
407

ডিজিটেল সংবাদ, সৰভোগ : বৰপেটা জিলাৰ সৰভোগৰ বান্দৰখোৱা মীন পালন সমিতিৰ উদ্যোগত সোমবাৰে নিচা মুক্তি সন্দৰ্ভত এখনি সজাগতা সভা অনুষ্ঠিত হয়। জ্যেষ্ঠ নাগৰিক ইব্ৰাহিম আলীৰ সভাপতিত্বত আজি আবেলিত সমাজ বিৰোধী ড্ৰাগছ ,বাল্যবিবাহ, মদ ,ভাং জুৱা আদিৰ বিৰুদ্ধে এই সজাগতা সভাখন অনুষ্ঠিত হয়।

Advertisment

বৰপেটা জিলা ক্ৰাইম ব্ৰাঞ্চৰ অতিৰিক্ত আৰক্ষী অধীক্ষক, সৰভোগ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰণৱ দাস, কল্যাণ দাস, ৰমিজ তালুকদাৰ, আলী হুছেইন আৰু সৰভোগ, বান্দৰখোৱা, সাহপুৰ আৰু জামাদাৰবড়ী অঞ্চলৰ সচেতন ৰাইজ এই সভাত উপস্থিত থাকে। বৰ্তমান সমাজৰ যুৱ প্ৰজন্মৰসকলৰ মাজত ড্ৰাগছে ভয়াৱহভাৱে ছানি ধৰিছে । নৱ প্ৰজন্মক ধ্বংসৰ পথে পৰিচালিত কৰিছে বুলি মন্তব্য কৰে উপস্থিত ৰাইজে। 

লগতে কয় যে, চৰকাৰ তথা প্ৰশাসন কঠোৰ হোৱাৰ পিছতো দমন কৰিব পৰা নাই একাংশ ড্ৰাগছ মাফিয়াক । ড্ৰাগছৰ পৰা পৰিত্ৰাণ পাবলৈ অসমৰ প্ৰত্যেকজন অভিভাৱক-অভিভাৱিকা সচেতন হ'ব লাগিব। লগতে পথ দুৰ্ঘটনাৰ পৰা পৰিত্ৰাণ পাবলৈ অভিভাৱকসকলে নিজৰ নিজৰ সন্তানৰ প্ৰতি লক্ষ্য ৰাখিবলৈ আৰু ১৮ বয়সৰ তলৰ ল'ৰা- ছোৱালীৰক দুচকীয়া আৰু চাৰিচকীয়া বাহন যাতে নিদিয়ে তাৰে বাবে আহ্বান জনায় ।

সজাগতা সভা