ঘিলামৰা প্ৰেছ ক্লাৱৰ উদ্যোগত “কাঠ আলু এদিন" শীৰ্ষক সজাগতা সভা

"চেণ্টাৰ ফৰ বায়' ডাইভাৰ্চিটি এণ্ড ইক'লজিকেল ষ্টাডিজ"ৰ কাৰিকৰী সহযোগিতা আৰু ঘিলামৰা প্ৰেছ ক্লাৱৰ উদ্যোগত ঘিলামৰাত উক্ত সজাগতা সভাখনি অনুষ্ঠিত কৰা হয়। ঘিলামৰা প্ৰেছ ক্লাৱৰ প্ৰেক্ষাগৃহত বুধবাৰে দুপৰীয়া অনুষ্ঠিত এই সজাগতা সভাৰ সঞ্চালনা কৰে "পৰিবেশ মিত্ৰ" সন্মানেৰে বিভূষিত দেৱজিৎ ফুকনে । 

author-image
Asomiya Pratidin
New Update
ঘিলামৰা প্ৰেছ ক্লাৱৰ উদ্যোগত সজাগতা সভা

ঘিলামৰা প্ৰেছ ক্লাৱৰ উদ্যোগত সজাগতা সভা

ডিজিটেল সংবাদ, ঢকুৱাখনা : অসমীয়া জাতীয় জীৱন চৰ্যাৰে সম্পৃক্ত এক থলুৱা বনজ লোক খাদ্য কাঠ আলু।  বৈজ্ঞানিক ভাষাত DIOSCORIA হিচাপে পৰিচিত এই প্ৰজাতিৰ বনজ খাদ্য সম্পদৰ সাৰ্বজনীনকৰণ , সংৰক্ষণ আৰু কাৰিকৰীগত গুণাগুণৰ সন্দৰ্ভত জন সজাগতা সৃষ্টিৰ লক্ষ্যৰে বুধবাৰে এক মনোজ্ঞ  সজাগতা সভা অনুষ্ঠিত কৰা হয়। 

Advertisment

"চেণ্টাৰ ফৰ বায়' ডাইভাৰ্চিটি এণ্ড ইক'লজিকেল ষ্টাডিজ"ৰ কাৰিকৰী সহযোগিতা আৰু ঘিলামৰা প্ৰেছ ক্লাৱৰ উদ্যোগত ঘিলামৰাত উক্ত সজাগতা সভাখনি অনুষ্ঠিত কৰা হয়। ঘিলামৰা প্ৰেছ ক্লাৱৰ প্ৰেক্ষাগৃহত বুধবাৰে দুপৰীয়া অনুষ্ঠিত এই সজাগতা সভাৰ সঞ্চালনা কৰে "পৰিবেশ মিত্ৰ" সন্মানেৰে বিভূষিত দেৱজিৎ ফুকনে । 

সাধাৰণ আৰু আপাত দৃষ্টিত উপেক্ষিত, অনাদৃত আৰু অবিশ্বাস্য ,অফুৰন্ত ঔষধি গুণৰ আকৰ স্বৰূপ এই কাঠ আলুৰ মানৱ শৰীৰত উপযোগিতা আৰু সম্ভাব্য বাণিজ্যিকীকৰণ সন্দৰ্ভত বিশ্লেষণাত্মক আলোচনা কৰা হয় । চেণ্টাৰ ফৰ বায়' দাইভাৰ্চিটি এণ্ড ইক'লজিকেল ষ্টাডিজ"ৰ সঞ্চালক বিশিষ্ট ৰেচম গৱেষক জিতুল শইকীয়া, অৱসৰী শিক্ষাবিদ তীৰ্থ বৰুৱা, ধ্ৰুৱজ্যোতি কোঁৱৰ, ভোগেশ্বৰ লাহন , চন্দ্ৰ প্ৰভা গগৈ, টিকেন্দ্ৰ শইকীয়া, ডিম্বেশ্বৰ চেতিয়া, অমিয় কুমাৰ সন্দিকৈ, ৰেচম অধীক্ষক অশ্বিনী কলিতা, পূৰ্ণানন্দ দত্ত , সুভাষ দিহিঙীয়া, উদ্যোগী কৃষক শৈলেন দত্ত , ঘিলামৰা নৰ্থ বেংক মহাবিদ্যালয়ৰ প্ৰাণীবিজ্ঞান বিভাগৰ প্ৰবক্তা ডলী বৰুৱা, ঘিলামৰা প্ৰেছ ক্লাৱৰ সমূহ বিষয়ববীয়াৰ লগতে ঢকুৱাখনাৰ সংবাদসেৱী ,ঘিলামৰা উন্নয়ন খণ্ডৰ জীৱিকা সখী সকল আৰু গৰিষ্ঠ সংখ্যক সমাজ সচেতক উপস্থিত থাকে সজাগতা সভাত । 

কাঠ আলুৰ সজাগতা সভা
কাঠ আলুৰ সজাগতা সভা

 

উল্লেখযোগ্য যে ঘিলামৰা অপৰূপা সাংস্কৃতিক সংঘৰ শিল্পীসকলৰ দ্বাৰা পৰিবেশিত ৰুদ্ৰ বৰুৱাৰ এটা শ্ৰুতিমধুৰ বৃন্দ গানেৰে সভাখন উদ্বোধন কৰা হয়। সভাত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগৰ অধ্যাপক ডঃ ডেভিড কাদংয়ে সমল ব্যক্তি হিচাবে উপস্থিত থাকি বিশ্বৰ বজাৰত কাঠ আলুৰ চাহিদা , আমাৰ সমাজত সততে উপেক্ষিত এই বনজ খাদ্য সম্পদৰ প্ৰাসংগিকতা , পৰ্বপুৰুষ সকলে বান্ধি থৈ যোৱা পৰম্পৰাগত খাদ্য নীতিত এই অফুৰন্ত গুণাগুণ সম্পন্ন কাঠ আলুৰ অন্তৰ্ভুক্তকৰণ আৰু বাণিজ্যিকীকৰণ সন্দৰ্ভত গৱেষণালব্ধ বক্তব্য আগবঢ়ায় । 

সজাগতা সভাখনৰ অন্যতম সমল ব্যক্তি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ গৱেষক,প্ৰাণীবিজ্ঞান বিভাগৰ অধ্যাপক ডঃ পংকজ চেতিয়াই অতি কম মাটিত, নূন্যতম পৰিচৰ্যাৰে ঈর্ষণীয় উপাৰ্জন সম্ভৱ হোৱা এক খেতিলৈ এই কাঠ আলু ৰূপান্তৰ হোৱাৰ সম্ভাৱনীয়তা সন্দৰ্ভত বিশদ বক্তব্য আগবঢ়ায়। সাম্প্ৰতিক প্ৰেক্ষাপটত অসমত এনে স্বাস্থ্যসন্মত ,প্ৰচুৰ ঔষধি গুণ সম্পন্ন প্ৰায় ২৫বিধ কাঠ আলুৰ প্ৰজাতি উপলব্ধ বুলি উল্লেখ কৰি এনে থলুৱা খাদ্য বনজ সম্পদৰ প্ৰকৃত গুণাগুণ সন্দৰ্ভত জ্ঞাত নোহোৱাৰ বাবে  অসমৰ জনজীৱনত এই আলুৰ চাহিদা হ্ৰাস যোৱা বুলি কয় । 

সমলব্যক্তিগৰাকীয়ে মাঘ বিহুত কাঠ আলু খোৱাৰ পৰম্পৰা উনুকীয়াই বছৰত এবাৰ এই আলুৰ সোৱাদ ল’বলৈ আহৰি নোপোৱাৰ বিপৰীতে আন্তৰ্জাতিক প্ৰেক্ষাপটত এই বনজ সম্পদৰ চাহিদা অভূতপূৰ্ব বুলি মন্তব্য কৰে। সাম্প্ৰতিক সময়ত আমাৰ অনাদৃত এই কাঠ আলুৰ প্ৰকৃত মূল্যায়ন হলে অদূৰ ভৱিষ্যতে এই খেতিৰ জৰিয়তে অগণন নিবনুৱাৰ স্বাৱলম্বনৰ পথ মুকলি হোৱাৰ পূৰ্ণ সম্ভাৱনা ব্যক্ত কৰে।

কাঠ আলুৰ সজাগতা সভা
কাঠ আলুৰ সজাগতা সভা

 

আনহাতে অসমীয়াৰ থলুৱা খাদ্য কাঠ আলুৰ বৈজ্ঞানিক চৰিত্ৰ বিচাৰ সন্দৰ্ভত প্ৰথমখন সজাগতা সভাত উপস্থিত থাকি পৰম্পৰাগত উদ্ভিদ বিদ্যাৰ  বিশিষ্ট গৱেষক বিজ্ঞানী  ডঃ অমল চন্দ্ৰ দত্তই পৰিবেশ সংৰক্ষণত  থলুৱা বনজ সম্পদৰ বিলুপ্তিয়ে প্ৰচণ্ড বাধা আনি দিয়া বুলি কৈ পৃথিৱীত প্ৰকৃতি সৃষ্ট একো অপ্ৰয়োজনীয় জীৱ নাই বুলি মন্তব্য কৰে। অন্ন, বস্ত্ৰ আৰু বাসস্থানৰ প্ৰতিপদ সমলৰ প্ৰদত্তকাৰী প্ৰকৃতি মাতৃৰ সৃষ্ট সকলোৱে পৰম আৰু উৎকৃষ্ট সম্পদ হোৱা স্বত্তেও ইয়াৰ সুষম ব্যৱহাৰ কৰাত মানৱ সম্পদ ব্যৰ্থ হোৱাত আক্ষেপ প্ৰকাশ কৰি প্ৰকৃতি সংৰক্ষণ অবিহনে পৃথিৱীৰ  ভবিষ্যত অন্ধকাৰ বুলি কয়। 

গৱেষক ডঃ দত্তই পৃথিৱীত প্ৰায় ৬৮২ টা কাঠ আলুৰ প্ৰজাতি থকাৰ বিপৰীতে ভাৰতত ৪২ টা  প্ৰজাতি,   ইয়াৰে উত্তৰ পূৰ্বাঞ্চলত ৩০ টা প্ৰজাতিৰ বিপৰীতে অসমত ২৫ টা আছে প্ৰজাতিৰ কাঠ আলুৰ উপলব্ধৰ তথ্য সদৰী কৰে । ডঃ দত্তই এই কাঠ আলুৰ ঔষধি গুণাগুণৰ বাস্তৱিক তথ্য প্ৰকাশ কৰি  কাঠ আলুত অপৰিসীম ৰোগ প্ৰতিৰোধ ক্ষমতা,  টাইফইড ৰোগৰ  অন্যতম পথ্য , চুলিৰ উকনি মৰা দৰব  প্ৰস্তুতত ব্যৱহাৰ , হাপানী ,কাঁহ আৰু জ্বৰৰ পথ্য, যৌন উত্তেজক গুণ বিশিষ্ট , কেঞ্চাৰ ৰোগৰ পথ্য প্ৰস্তুতত ব্যৱহাৰ কৰাৰ উপৰিও এই কাঠ আলু স্মৃতিবৰ্ধক আৰু আয়ুসবৰ্ধকৰ অফুৰন্ত গুণাগুণ নিৰ্হিত থকাৰ তথ্য সদৰী কৰে সভাত । 

তেওঁ কাঠ আলুক অসমৰ অন্যতম এক উৎকৃষ্ট বনজ খাদ্য সম্পদ বুলি কৈ ইয়াৰ সুস্থিৰ ব্যৱহাৰ নাজানি বা নকৰি উপেক্ষিত কৰি পেলাই থৈছোঁ বুলি আক্ষেপ কৰে । কিন্তু আন্তৰ্জাতিক হাতোৰাই এনে সম্পদৰ প্ৰকৃত মূল্যায়ন কৰি ইতিমধ্যে  এনে সম্পদৰ জৈৱ লুণ্ঠন প্ৰক্ৰিয়া আৰম্ভ কৰি দিয়া বুলি কয় ।  

সাম্প্ৰতিক সময়ত উপেক্ষিত কাঠ আলুৰ  এক সমুজ্জল ভৱিষ্যত থকা বুলি উল্লেখ কৰি  ইয়াৰ জৰিয়তে স্বাৱলম্বনৰ এক সেন্দুৰীয়া সম্ভাৱনায়ো অপেক্ষা কৰি আছে বুলি কয় । কাঠ আলুৰ বৈজ্ঞানিক বিশ্লেষণ আৰু গুণাগুণৰ সঠিক মূল্যায়ন কৰি উৎকৃষ্ট খাদ্য সম্পদলৈ  ৰূপান্তৰ কৰিব লাগিব আৰু এই সম্পদক এক সম্ভাৱনা লৈ ৰূপান্তৰ কৰিলেহে এনেবোৰ সময়োপযোগী অনুষ্ঠানে সাৰ্থকতা অর্জন কৰিব বুলি মন্তব্য কৰে । 

তেওঁ ঘৰে বাৰীয়ে সহজলভ্য আৰু সহজতে  হোৱা এই মহৌষধী বনজ সম্পদক আমি দুৰ্ভাৱনালৈ নিক্ষেপ কৰি দিয়াৰ প্ৰবনতা  দূৰ কৰিবলৈ  সকলো আগুৱাই অহাৰ প্ৰয়োজনীয়তা দোহাৰে । ঘিলামৰা প্ৰেছ ক্লাৱৰ ৰূপালী জয়ন্তী উদযাপনৰ কাৰ্যক্ৰমৰ অন্যতম অংশ হিচাপে অনুষ্ঠিত এই মনোজ্ঞ সজাগতা সভাৰ আঁত ধৰে প্ৰেছ ক্লাৱৰ উত্তম হাজৰিকাই । 

বিভিন্ন প্ৰজাতিৰ কাঠ আলুৰ এখন মুকলি প্ৰদৰ্শনীৰো আয়োজন কৰা সভাত চেণ্টাৰ ফৰ বায়' দাইভাৰ্চিটি এণ্ড ইক'লজিকেল ষ্টাডিজ"ৰ সঞ্চালক ,বিশিষ্ট ৰেচম গৱেষক জিতুল শইকীয়া, ৰেচম অধীক্ষক অশ্বিনী কলিতা আদিয়েও বক্তব্য আগবঢ়ায়। আৰু সভাৰ অংশগ্ৰহণকাৰীসকলৰ মাজত বিনামূলীয়াকৈ স্থানীয়ভাৱে উপলব্ধ বিভিন্ন প্ৰজাতিৰ কাঠ আলুৰ বীজ বিতৰণ কৰা হয় ।

ঢকুৱাখনা সজাগতা সভা