কাজলগাঁৱত মানৱ সৰবৰাহ আৰু ডাইনী হত্যাৰ বিৰুদ্ধে সজাগতামূলক সভা

চিৰাং জিলা মহিলা আৰু শিশু কল্যাণ বিভাগ আৰু মহিলা সৱলীকৰণ কেন্দ্ৰৰ উদ্যোগত কাজলগাঁৱত মানৱ সৰবৰাহ আৰু ডাইনী হত্যাৰ বিৰুদ্ধে সজাগতামূলক অভিযান কাৰ্য্যসূচী অনুষ্ঠিত হয়।

author-image
Asomiya Pratidin
New Update
কাজলগাঁৱত মানৱ সৰবৰাহ আৰু ডাইনী হত্যাৰ বিৰুদ্ধে সজাগতামূলক সভা

ডিজিটেল সংবাদ, চিৰাং: চিৰাং জিলা মহিলা আৰু শিশু কল্যাণ বিভাগ আৰু মহিলা সৱলীকৰণ কেন্দ্ৰৰ উদ্যোগত কাজলগাঁৱত মানৱ সৰবৰাহ আৰু ডাইনী হত্যাৰ বিৰুদ্ধে সজাগতামূলক অভিযান কাৰ্য্যসূচী অনুষ্ঠিত হয়। দিনৰ এঘাৰ বজাত কাজলগাঁৱৰ জিলা কেন্দ্ৰৰ পৰা এই সজাগতামূলক সমদল উলিওৱা হয়। 

Advertisment

নাৰ্চ, অংগনৱাদী কৰ্মী-সহায়িকা আৰু আশা কৰ্মীসকলে যোগদান কৰা আজিৰ এই সজাগতামূলক সমদল পতাকা জোকাৰি আনুষ্ঠানিক ভাবে শুভাৰম্ভ কৰে জিলা সমাজ কল্যাণ বিষয়া সমেশ্বৰ মুছাহাৰীয়ে। সমদলৰ অন্তত জিলা কেন্দ্ৰৰ সভাকক্ষত এক সজাগতামূলক সভা অনুষ্ঠিত কৰা হয়। 

জিলা নাৰী কল্যাণ বিষয়া শ্ৰাই শ্ৰাই ৱাৰীৰ সঞ্চালনাত অনুষ্ঠিত সভাত জিলা অতিৰিক্ত আয়ুক্ত শিল্পীকা কলিতা, জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক ড০ ৰশ্মিৰেখা শৰ্মা, জিলা আইন সেৱা প্ৰাধিকাৰী ৰঞ্জিতা দাস, জিলা শিশু সুৰক্ষা বিষয়া সুৰশ্ৰী পাঠক, কাজলগাঁও থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰিতুল মণি দাস,  প্ৰতিদিন গোষ্ঠীৰ সাংবাদিক জয়ন্ত দেবনাথে ডাইনী সন্দেহত হত্যা আৰু মানৱ সৰবৰাহ কেনেকৈ সমাজৰ পৰা নাইকিয়া কৰিব পাৰি আৰু এনেধৰনৰ জঘণ্য অপৰাধ সংঘটিত কৰিলে ভাৰতীয় ন্যায় সংহিতাৰ জৰিয়তে কি কি শাস্তি বিধান আছে তাৰ ওপৰত গুৰুত্বাৰোপ কৰি ভাষন প্ৰদান কৰে। 

জিলাখনৰ যিসমূহ ভিতৰুৱা অঞ্চলত এই মধ্যযুগীয় অন্ধবিশ্বাস ডাইনী হত্যাৰ দৰে ঘটনা সংঘটিত হৈছে সেইবোৰ এলেকাত উন্নতমানৰ চিকিৎসা সেৱাৰ অনুপস্থিতি, আধুনিক শিক্ষাব্যৱস্থাৰ অভাৱ আৰু আৰ্থ-সামাজিক দিশত অধিক পিছপৰা বুলি পোহৰলৈ আহিছে। তেনেকুৱা অঞ্চলত এই প্ৰাথমিক সুবিধাখিনি আগবঢ়োৱাৰ লগতে তেওঁলোকক আৰ্থিক দিশত আত্মনিৰ্ভৰ কৰাৰ ওপৰত গুৰুত্বাৰোপ কৰি কাম কৰাৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰে আৰু বৰ্তমান সময়ত এনেধৰনৰ উন্নয়নমূলক কামকাজ আৰম্ভ কৰা হৈছে বুলি দাবী কৰা হয়। 

আজিৰ এই সভাত উপস্থিত থাকে জিলা গ্ৰামোন্নয়ন বিভাগৰ প্ৰকল্প সঞ্চালক অৰবিন্দ ৰাভা, জিলা সমাজকল্যাণ বিষয়া সমেশ্বৰ মুছাহাৰী, চিদলী-চিৰাং উন্নয়ন খণ্ড বিষয়া নিৰঞ্জয় মুছাহাৰী, জিলা আইন সেৱা প্ৰাধিকাৰী ৰঞ্জিতা দাস, জিলা শিশু সুৰক্ষা বিষয়া সুৰশ্ৰী পাঠক,  কেইবাখনো থানা আৰু আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াসকল।

চিৰাং কাজলগাওঁ ডাইনীৰ সন্দেহ মানৱ সৰবৰাহ