মুছলপুৰত মানৱ সৰবৰাহ আৰু ডাইনী হত্যাৰ বিৰুদ্ধে সজাগতা সভা

মানৱ সৰবৰাহ আৰু ডাইনী হত্যাৰ দৰে অমানৱীয় কাৰ্যৰ বিৰুদ্ধে জনসচেতনতা গঢ়ি তোলাৰ উদ্দেশ্যে মঙলবাৰে বাক্সা জিলাৰ মুছলপুৰত জিলা সমাজ কল্যাণ বিভাগৰ উদ্যোগত এখনি গুৰুত্বপূর্ণ সজাগতা সভা অনুষ্ঠিত হয়

author-image
Asomiya Pratidin
New Update
AP FOR WEB baksa

ডিজিটেল সংবাদ, বাক্সা : মানৱ সৰবৰাহ আৰু ডাইনী হত্যাৰ দৰে অমানৱীয় কাৰ্যৰ বিৰুদ্ধে জনসচেতনতা গঢ়ি তোলাৰ উদ্দেশ্যে মঙলবাৰে বাক্সা জিলাৰ মুছলপুৰত জিলা সমাজ কল্যাণ বিভাগৰ উদ্যোগত এখনি গুৰুত্বপূর্ণ সজাগতা সভা অনুষ্ঠিত হয়। সভাৰ পূৰ্বে এক সজাগতা সমদলো উলিওৱা হয়।

Advertisment

সমদলটো আনুষ্ঠানিকভাৱে উদ্ধোধন কৰে বাক্সা জিলাৰ অতিৰিক্ত আয়ুক্ত জিতু কুমাৰ বৰ্মনে। হাতে হাতে প্লে’ কাৰ্ড লৈ মহিলাসকলে মানৱ সৰবৰাহ বন্ধ কৰক, ডাইনী হত্যা সমাজৰ কলংক, সতৰ্ক হওঁক সচেতন হওঁক আদি শ্লোগানেৰে জিলা কেন্দ্ৰৰ পৰা মুছলপুৰ চহৰৰ মাজেৰে দুই কিলোমিটাৰ পথ অতিক্ৰম কৰি সচেতনতাৰ বাতাবৰণ গঢ়ি তোলাৰ চেষ্টা কৰে ।

ইফালে সভাত অঞ্চলটোৰ অংগনাৱাড়ী কৰ্মী-সহায়িকা, আশা কৰ্মী আৰু বিশেষকৈ মহিলাসকলে ব্যাপক হাৰত অংশগ্ৰহণ কৰে। প্ৰায় দুই শতাধিক মহিলা উপস্থিত থাকে আজিৰ সজাগতা সভাত। 

বাক্সা